নগ্ন হৈ দৌৰি আৰক্ষীৰ ৰোষত মডেল মিলিন্দ সুমন

নিজৰ ৫৫ বছৰীয়া জন্মদিনত নিৰ্বস্ত্ৰ হৈ গোৱাৰ সাগৰ তীৰত দৌৰিছিল অভিনেতা তথা মডেল মিলিন্দ সুমনে। পত্নী অংকিতা কোঁৱৰে তোলা ফটোখন মিলিন্দে শ্বেয়াৰ কৰিছিল তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত। সুগঢ়ী আৰু সুগঠিত শৰীৰৰ মডেল মিলিন্দৰ সেই ফটোখনক লৈ চলিছিল ব্যাপক চৰ্চা। কিন্তু সেই নগ্ন ফটোখনে এইবাৰ বিপদত পেলালে মিলিন্দক। অশালীনতাক উদগণি যোগোৱাৰ অভিযোগত গোৱা আৰক্ষীয়ে মিলিন্দ সুমনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। গোৱা সুৰক্ষা মঞ্চ নামৰ এটা ৰাজনৈতিক সংগঠনে এই সন্দৰ্ভত শুকুৰবাৰে এক অভিযোগ দাখিল কৰাৰ পিছত গোচৰ ৰুজু কৰিছে গোৱা আৰক্ষীয়ে। ৰাজহুৱা স্থানত অশালীন কাৰ্য সম্পৰ্কিত ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪ আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ ধাৰাৰ আইনত অভিনেতা-মডেলজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। বৃহস্পতিবাৰে গোৱা আৰক্ষীয়ে গোৱাৰ এক চৰকাৰী আন্তঃগাঁথনিত পৰ্ণ ভিডিঅ’ৰ শ্বুটিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত অভিনেত্ৰী পুনম পাণ্ডে আৰু তেওঁৰ স্বামীক। পুনৰ পিছত এইবাৰ গোৱা আৰক্ষীৰ ৰোষত মিলিন্দ সুমন।