Local, Vocal, Global

আজমলৰ আদৰণিত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিছিল কোনে?

একাংশ সংবাদ মাধ্যমৰ লগতে বিজেপিৰ অভিযোগ বৃহস্পতিবাৰে শিলচৰৰ কুম্ভীৰগঞ্জ বিমানবন্দৰত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক সমৰ্থকসকলে আদৰণি জনোৱাৰ সময়ত একাংশই দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি। এই লৈ দেশজুৰি সূত্ৰপাত ঘটিছে বিতৰ্কৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে একাধিক এজাহাৰ দাখিল কৰা হৈছে। এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতৃবৰ্গই। বিপৰীতে এআইইউডিএফৰ দাবী বদৰুদ্দিন আজমলক আদৰণি জনাই প্ৰকৃততে ‘আজিজ খান জিন্দাবাদ’ ধ্বনিহে দিছিল এআইইউডিএফ কৰ্মীসকলে। আজিজ খান হ’ল দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক। আজমলক আদৰণি জনাবলৈ উপস্থিত হৈছিল আজিজ খানৰ একাংশ অনুগামী। সেইসকলে ‘আজিজ খান জিন্দাবাদ’ বুলিহে ধ্বনি দিছিল। তাকেই পাকিস্তান জিন্দাবাদ ধ্বনি বুলি অপপ্ৰচাৰ কৰাৰ অভিযোগ এআইইউডিএফৰ। বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।  ছিপাঝাৰত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ, “বৰাকত কোনে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল আজি ১ বজাৰ ভিতৰত চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰক”। অন্যথা চৰকাৰখনক পদত্যাগ কৰাৰ প্ৰত্যাহ্বান গৌৰৱ গগৈৰ। ‘পাকিস্তান জিন্দাবাদ’ অধ্যায়ক বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা গৌৰৱ গগৈৰ। আনফালে, শনিবাৰে কাছাৰ বিজেপিয়ে আজমলৰ উপস্থিতিত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছিল বুলি উত্থাপিত অভিযোগৰ তদন্ত দাবীৰে শিলচৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰে।