Mid day meal scame in Dhubri : শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ণ ভোজন নামত দুৰ্নীতিৰ অভিযোগ

গৌৰীপুৰ, ১০জুন: মধ্যাহ্ণ ভোজন সন্দৰ্ভত খেলিমেলিৰ অভিযোগ।এই অভিযোগক ভিত্তিহীন আখ্যা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ ।অভিযোগকাৰীক তথ্য সহকাৰে বিদ্যালয়ত উপস্থিত হ’বলৈ আহ্বান জনাইছে প্ৰধান শিক্ষকে ।
বি টি আৰৰ পৰ্বতঝোৰা মহকুমাৰ পৰ্বতঝোৰা প্ৰাথমিক শিক্ষাখণ্ডৰ দামপুৰ ১৩১৪ নম্বৰ এল পি স্কুলত মধ্যাহ্ণ ভোজন সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল । ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ণ ভোজন সময় অনুপাতে আৰু প্ৰয়োজন অনুপাতে খাদ্য যোগান নধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল একাংশই । এই অভিযোগৰ পাছতে বিদ্যালয়খনত উপস্থিত হৈছিল সাংবাদিকৰ এটা দল । ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষকৰ মন্তব্যৰ লগতে মত বিনিময় কৰা হৈছিল ছাত্ৰ-ছাত্ৰীৰ সৈতেও ।
সমগ্ৰ অভিযোগক নসাৎ কৰি পৰ্বতঝোৰা প্ৰাথমিক শিক্ষাখণ্ডৰ দামপুৰ ১৩১৪ নম্বৰ এল পি স্কুলৰ প্ৰধান শিক্ষকৰ প্ৰতিক্ৰিয়া । প্ৰতিক্ৰিয়াত প্ৰকাশ কৰিছে যে, অভিযোগকাৰীয়ে কোনো তথ্য নথকাকৈয়ে অভিযোগ উত্থাপন কৰিছে।
অন্যহাতে অভিযোগকাৰীৰ হাতত যদি এই সন্দৰ্ভত কিবা তথ্য আছে তেন্তে বিদ্যালয়ত তথ্যসহ কাৰে উপস্থিত হ’বলৈ আহ্বান জনাইছে ।
ইফালে পৰ্বতঝোৰা প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া একাব্বৰ আলী ,ছি আৰ ,ছি জাকিৰ হোছেন আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগত গোপন মিতৰালি থকা বুলি দিয়া অভিযোগকো ভিত্তিহীন আখ্যা ।
লগতে পঢ়ক : Heated situation in hojai: বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে নাজানে ব্যৱহাৰ