Local, Vocal, Global

Heated situation in Hojai: বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে নাজানে ব্যৱহাৰ

হোজাই, ১০জুন: বিদ্যুৎ কৰ্মচাৰীয়ে নাজানে বিদ্যুতৰ ব্যৱহাৰ ।খঙত অগ্নিশৰ্মা বিদ্যুতৰ গ্ৰাহক । ATTENTION অসমৰ শক্তিমন্ত্ৰী । বিভাগীয় কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন গ্ৰাহকৰ(Heated situation) ।

প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক , ইফালে ৰাজ্যত বিদ্যুত বিল বৃদ্ধিক লৈও উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য । গ্ৰাহকে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে বিদ্যুৎ বিভাগৰ ওপৰত। হিচাপতকৈ অধিক বিদ্যুত্ বিল দিবলগীয়া হৈ আহিছে বুলি অভিযোগ ৰাজ্যবাসীৰ । গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰাহকে সময়মতে বিদ্যুত লাভ কৰাৰ আশাত নিয়মীয়াকৈ বিদ্যুত্ বিল পৰিশোধ কৰে যদিও নিয়মীতভাৱে নাপায় বিদ্যুৎ।

পুৱাই উত্তপ্ত হোজাই বিদ্যুৎ উপসংমণ্ডল সন্মুখত(Heated situation in hojai) ।পুৱাই প্ৰি পেইড ৰিচার্জ কৰিবলৈ গৈ ভিৰ কৰিছে একাংশ বিদ্যুত গ্ৰাহকে । জ্যেষ্ঠ নাগৰিকৰো দীঘলীয়া শাৰী হোজাই বিদ্যুৎ উপসংমণ্ডলত ।সেয় সময়তে হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰিল এজন গ্ৰাহক ।
হোজাই উপসংমণ্ডলত বিদ্যুৎ বিল দিবলৈ আহি উপসংমণ্ডলটোৰ কৰ্মচাৰী প্ৰবীৰ দে’ৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিল এইগৰাকী গ্ৰাহক । বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ আহি প্ৰবীৰ দে’ নামৰ এইগৰাকী বিদ্যুৎ কৰ্মচাৰীৰ বেয়া ব্যৱহাৰৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে এইগৰাকী গ্ৰাহকে।

উল্লেখ্য যে, কাৰ্যালয়ৰ ভিতৰত কথাত মচগুল হৈ থকা কৰ্মচাৰীয়ে প্ৰি পেইড ৰিচার্জ কৰি দিবলৈ ক’লেও নিদিয়ে ৰিচাৰ্জ কৰি । যাৰ বাবে বাহিৰত বিদ্যুত গ্ৰাহকৰ শাৰী ক্ৰমে দীঘলীয়া হৈ পৰিছে । ইয়াকে লৈ কৰ্মচাৰী প্ৰবীৰ দে’ আৰু গ্ৰাহকৰ মাজত সৃষ্টি হৈছে বাক বিতণ্ডা। ঘটনাক লৈ হোজাই বিদ্যুৎ উপসংমণ্ডল উত্তেজনাই বিৰাজ কৰিছে (Heated situation)। অৱশেষত কৰ্মচাৰী প্ৰবীৰ দে’ৰ কৰ্মকাণ্ডত অতিস্থ গ্ৰাহকে বিদ্যুৎ কার্যলয় পৰা বাহিৰ হৈ online দোকানৰ পৰা ৰিচার্জ কৰি সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে ।কাৰ্যালয়ৰ ভিতৰত বিজুলী পাংখাৰ বতাহ লৈ কাম কৰা এইগৰাকী কৰ্মচাৰীয়ে নাজানে প্ৰচণ্ড গৰমত বাহিৰত অপেক্ষাৰত গ্ৰাহকৰ দুৰৱস্থাৰ কথা ।

লগতে পঢ়ক : Heated situation in private hospital: এসপ্তাহ ওকলি যোৱাৰ পাছতো প্ৰশাসনে লোৱা নাই ব্যৱস্থা