Mid day meal scam: শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ণ ভোজন নামত দুৰ্নীতিৰ অভিযোগ

গোৱালপাৰা,২৫জানুৱাৰী : গোৱালপাৰা জিলাৰ মাটীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত উজিৰৰ প্ৰাথমিক বিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ।প্ৰধান শিক্ষকৰ ময়মতালিত দুৰ্নীতি চলি আছে বুলি অভিযোগ ৰাইজৰ।
অভিযোগ মতে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মুখৰ ভাত কাঢ়ি লৈ প্ৰধান শিক্ষকে কৰি আহিছে দুৰ্নীতি। নিমাত শিক্ষা বিভাগ(Mid day meal scam)।
মধ্যাহ্ন ভোজনৰ নামত অহা লাখ লাখ টকাৰ দুৰ্নীতি কৰি আহিছে পৰিচালনা সমিতিৰ সভাপতিৰ লগতে প্ৰধান শিক্ষক প্ৰহলাদ চন্দ্ৰ দাসে।
জানিব পৰা মতে, বিদালয়ৰ লগত জৰিত থকা প্ৰধান শিক্ষক আৰু সভাপতি দুয়োৰ ছত্ৰছায়াত বিদ্যালয়ৰ উন্নয়ন পুঁজি আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজে জানিব দিয়া মতে মধ্যহ্ন ভোজনত অহাৰ পিছতো কণ কন শিশু সকলক যোগান নধৰি কুইণ্টলে কুইণ্টিলে চাউল নষ্ট কৰিছে প্ৰধান শিক্ষকে।
উল্লেখযোগ্য যে, প্ৰধান শিক্ষকৰ লগতে বিদ্যালয়ৰ আন আন শিক্ষকেও বিদ্যালয়ত সময়মতে উপস্থিত নহয় বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। সেয়ে ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ সু-দৃষ্টি বিছাৰি ঘটনাবোৰ উচিত তদন্ত কৰি বিহীত ব্যবস্থা লবলৈ কাতৰ অনুৰোধ জনাইছে।
লগতে পঢ়ক :Actor Mamta Kulkarni Takes ‘Sanyas’:মুজকো ৰাণা জী মাফ কাৰনা,গালতী মাৰে ছে হো গাই