Watch | Member of Parliament Ronagoura Narzari formed an 18-member electoral committee as the president: সাংসদ ৰনগৌৰা নাৰ্জাৰীৰ সভাপতি হিচাপে লৈ ১৮ জনীয়া নিৰ্বাচনী সমিতি গঠন
ওদালগুৰি: অন্ত পৰিল UPPL ৰ কেন্দ্ৰীয় কাৰ্যনির্বাহক সভা । সভাৰ অন্তত সংবাদমেল BTR চীফ প্ৰমোদ বড়োৰ। পাচ ঘন্টা যোৰা সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন । সাংসদ ৰনগৌৰা নাৰ্জাৰীৰ সভাপতি হিচাপে লৈ ১৮ জনীয়া নিৰ্বাচনী সমিতি গঠন । পৰিষদীয় নিৰ্বাচনত এই সমিতিখনৰ নেতৃত্বতেই নির্বাচনত অৱতীৰ্ণ হল UPPL দল।
আনহাতে , ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা চমুকৈ NDA, BTR ৰ আন আন আঞ্চলিক দলেৰে নিৰ্বাচনৰ সময়ত সৌহাদ্যপূর্ণ পৰিৱেশ বজাই ৰাখিবলৈ অসম চৰকাৰৰ মন্ত্রী ইউ জি ব্রহ্মৰ নেতৃত্বত গঠন কৰা হৈছে অনি এখন সমিতি। এই সমিতিখনে NDA, BTR ৰ আন আঞ্চলিক দলেৰে নিৰ্বাচনৰ সময়ত ৰাখিব সম্পর্ক ।
অনহাতে, ৰাজ্যসভাত খালী হোৱা দুখন আসনত NDA ৰ দুগৰাকী প্রার্থী ক্ৰমে বিজেপিৰ কৰ্ণাড পুৰকায়স্থ আৰু AGP ৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক NDA ৰ ধর্ম ৰাখি সমর্থন জনাবলৈ লৰেঞ্চ ইছলাৰী, ৰণগৌৰা নাৰ্জাৰী আৰু সাংগঠনিক সম্পাদক মাধৱ ছেত্ৰীৰ উমৈহতীয়া এটা দলে সমর্থন পত্র প্ৰেৰণ কৰিব সহযোগী BJP- AGPৰ কেন্দ্রীয় সভাপতিলৈ। প্রণোদ বড়োয়ে কয় যে, বৰ্তমানে নির্বাচন খেলিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত UPPL দল।বৰ্তমানলৈ ডিজিটেল মাধ্যমেৰে ৬ লাখতকৈ অধিক লোকক অন্তর্ভূক্ত কৰা হৈছে দলত । মিত্রতা বা এককভাৱে নির্বাচন খেলা সন্দৰ্ভত প্ৰকাৰন্তৰে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে BTR চীফ প্ৰমোদ বড়োয়ে।