Local, Vocal, Global

মেঘালয়ৰ মহিলাক দুধনৈ আৰক্ষী থানাত নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ

নিউজ ডেস্ক, ৭ জুন : মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ দৈনাডুবি আৰক্ষী থানাৰ অন্তৰ্গত ল’ৱাৰ নোগোলপাৰা গাঁৱৰ এগৰাকী গাৰো মহিলাক অসমৰ গোৱালপাৰা জিলাৰ দুধনই আৰক্ষী থানাত নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

মহিলাগৰাকীয়ে দাখিল কৰা এখন এজাহাৰ অনুসৰি গাৰো মহিলাগৰাকীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰত জড়িত SI বিষ্ণু বাহাদুৰ নিউয়াৰ আৰু মহিলা আৰক্ষী কনিষ্টবল মমতা যোশী বুলি চিনাক্ত কৰা দুজন আৰক্ষী কৰ্মীক নিলম্বন কৰা হৈছে।

আনহাতে, দুধনৈ আৰক্ষী থানাত দুয়োদজন আৰক্ষী কৰ্মীৰ বিৰুদ্ধে IPCৰ ২৯৪/৩৮৪/৩৫৪/৩২৫/৩৪২/৩৪৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।