Local, Vocal, Global

আজি ৪৯ বছৰীয়া হ’ল Kailash Kher


নিউজ ডেস্ক, ৭ জুলাই : বিখ্যাত Playback গায়ক আৰু সংগীত ৰচয়িতা Kailash Kher আজি ৪৯ বছৰীয়া হৈছে। ১৯৭৩ চনৰ ৭ জুলাইত উত্তৰ প্ৰদেশৰ মিৰাটত জন্মগ্ৰহণ কৰা কৈলাশ আজি কেৱল বলীউডতে নহয় সমগ্ৰ বিশ্বতে চুফী গানগোৱাৰ বাবে জনাজাত।

শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰা কৈলাশৰ গানত চুফী সংগীতে যথেষ্ট প্ৰভাৱ পেলায়। 

কিন্তু এটা সময়ত আছিল যেতিয়া তেওঁ আত্মহত্যাৰ দুৱাৰমুখত উপনীত হৈছিল। কৈলাশ খেৰে নিজেই এটা সাক্ষাৎকাৰত এইকথা প্ৰকাশ কৰিছিল।

২০১৭ চনত হিন্দুস্তান টাইমছক দিয়া এক সাক্ষাৎকাৰত কৈলাশে কৈছিল যে যদি তেওঁৰ বন্ধুৱে তেওঁক ৰক্ষা নকৰিলেহেঁতেন, তেন্তে তেওঁ আজি জীয়াই নাথাকিলহেঁতেন।

তেওঁ সংগীত জগতত ভৰি দিয়াৰ আগতে ঘটিছিল এই ঘটনাটো। কৈলাশে কৈছিল, “মই এটা ব্যৱসায়িক চুক্তিত বহুত টকা হেৰুৱাইছিলো আৰু মোৰ জীৱন স্থবিৰ হৈ পৰিছিল। “

কৈলাশে আৰু কৈছিল, “মই এবছৰধৰি হতাশাত আছিলো আৰু যেতিয়া মই সমাধান বিচাৰি নাপালোঁ, মই মোৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লৈছিলো। মই নদীত পৰি দিছিলো আৰু মোৰ বন্ধুৱে মোক বচাইছিল। “



কৈলাশ খেৰৰ বয়স ১৪ বছৰ আছিল যেতিয়া তেওঁ ঘৰৰ পৰা পলাই গৈ দিল্লীলৈ গৈছিল। তেওঁ তাত কিছুমান সৰু কাম কৰিছিল আৰু তাৰ পিছত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাত তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ ইতিবাচকতাৰ সৈতে প্ৰতিটো অসুবিধাৰ সৈতে যুঁজি গৈছিল।


কৈলাশ খেৰ ২০০১ চনত সংগীত জগতত কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ আহিছিল। তাত তেওঁ প্ৰথমতে টিভি আৰু ৰেডিঅ’ বিজ্ঞাপনৰ বাবে জিংগল গান আৰম্ভ কৰিছিল। পিছত, তেওঁ বলীউডত গান গোৱাৰ সুযোগ পাইছিল আৰু তেওঁ ‘আন্দাজ’ৰ জনপ্ৰিয় গান ‘ৰব্বা ইশ্ক না হোৱে’ গাইছিল। তেওঁ ‘আইচা ভি হোতা হে পাৰ্ট ২’ৰ ‘আল্লা কে বন্দে হংস দে’ গানটোৰ পৰা জনপ্ৰিয়তা লাভ কৰিছিল।

কৈলাশে বৰ্তমান সময়লৈকে ১০০০ তকৈও অধিক গান গাইছে আৰু তেওঁৰ বেছিভাগ গানেই মানুহৰ ওঁঠত ৰৈ যায়। হিন্দীৰ উপৰিও তেওঁ মালায়ালম, কানাড়া, তেলেগু আৰু তামিল চলচ্চিত্ৰতো গান গাইছে।