Local, Vocal, Global

নলবাৰীত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

নিউজ ডেক্স ,৭ জুলাই : আজি পুৱাতেই নলবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পাগলাদিয়া নদীৰ বালিচৰত পোত খাই থকা অৱস্থাত উদ্ধাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ অৰ্ধগলিত মৃতদেহ।

বিগত ১৫ দিনৰো অধিক সময় ধৰি সন্ধানহীন আছিল নলবাৰী চহৰৰ সমীপৱৰ্তী গোপাল বজাৰৰ পৰেশ বৰ্মন নামৰ লোকজন।

জিলাখনৰ বৰবৰীৰ পাজিপৰত উদ্ধাৰ হৈছে মৃতদেহটো। পাগলাদিয়া নদীৰ বালিচৰত পোত খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল একাংশই।

উল্লেখ্য যে বলোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী আছিল পৰেশ বৰ্মন । বিগত ২০ জুনৰ পৰা নিখোজ আছিল তেওঁ । কৰ্তব্যস্থলীত অহাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা বৰ্মন বাঢ়নী পানীত পৰি যোৱা বুলিয়ে সন্দেহ প্ৰকাশ কৰিছিল পৰিয়ালৰ লোকে।

অৱশ্যে আজি ঘটনাস্থলত নলবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পাতাললৈ প্ৰেৰণ কৰে।