Local, Vocal, Global

Meghalaya Power Minister’s promise: ৫ বছৰত গাঁওসমূহৰ বাবে নিৰৱচ্ছিন্ন বিদ্যুতৰ প্ৰতিশ্ৰুতি মেঘালয়ৰ শক্তি মন্ত্ৰীৰ

নিউজ ডেস্ক,৯ জুলাই : মেঘালয়ৰ শক্তি মন্ত্ৰী আবু তাহেৰ মণ্ডলে আগন্তুক পাঁচ বছৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন গাঁৱতে নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ যোগান ধৰাৰ এক অভিলাষী লক্ষ্য স্থিৰ কৰিছে। ৮ জুলাইত পশ্চিম গাৰো পাহাৰৰ গাম্বেগ্ৰে,অমিন্দা ৰংচাত নোকোমা গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ সৈতে এক বাৰ্তালাপ কাৰ্যসূচীৰ সময়ত এই কথা ঘোষণা কৰে। মণ্ডলে কয়, “অহা ৫ বছৰৰ ভিতৰত প্ৰতিখন গাঁৱতে বিদ্যুৎ নিৰৱচ্ছিন্ন হ’ব লাগে। এই লক্ষ্য পূৰণৰ বাবে তেওঁ উন্নত উপকেন্দ্ৰ আৰু উন্নত ভল্টেজ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মণ্ডলে কেইবাটাও তাৎক্ষণিক প্ৰত্যাহ্বান স্বীকাৰ কৰে, য’ত বৰ্তমান বিদ্যুৎ বিহীন গাম্বেগ্ৰেৰ তিনিখন গাঁও, বাৰিষাৰ ফলত হোৱা বিঘিনি, ঘূৰ্ণীবতাহ, ধুমুহা, আৰু বিদ্যুৎ বন্ধ হোৱাৰ সমস্যা আদি অন্তৰ্ভুক্ত। এই উদ্বেগসমূহৰ কিছুমানৰ সমাধান কৰি তেওঁ উপস্থিত লোকসকলক আশ্বাস দিয়ে যে ২-৩ মাহৰ ভিতৰত ডামালগ্ৰেত এটা নতুন চাবষ্টেচন কাৰ্যক্ষম হ’ব।(Operational in Damalgre within in 2-3 months)

শক্তি বিভাগৰ আয়ুক্ত আৰু সম্পাদক সঞ্জয় গোৱালে ব্যাখ্যা কৰে যে এই বৈঠকৰ লক্ষ্য স্থানীয় সমস্যাসমূহ বুজি পোৱা আৰু সমাধান কৰা। বিশেষকৈ শক্তি খণ্ডত কি কি সমস্যা আছে সেই বিষয়ে আমি এতিয়া এলেকাভিত্তিক, ব্লকভিত্তিকভাৱে গুৰুত্ব দিছো।’

এই ইন্টাৰেকচন কাৰ্যসূচী সমগ্ৰ মেঘালয়ত বিশেষকৈ গ্ৰাম্য অঞ্চলত শক্তিৰ আন্তঃগাঁথনি আৰু সেৱা প্ৰদানৰ উন্নতিৰ বাবে এক বহল পদক্ষেপৰ অংশ। বাসিন্দাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰত্যক্ষভাৱে তথ্য সংগ্ৰহ কৰিবলৈ মেঘালয় বিদ্যুৎ নিগম লিমিটেডৰ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়কঃ Sensational Incident : চিনাক্ত হোৱা নাই চিকিৎসালয়ৰ মৰ্গত থকা মহিলাৰ মৃতদেহ