ৰাজ্যত ভয়ঙ্কৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১৩ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ঙ্কৰ অগ্নিকাণ্ড ।
নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা তিনিআলি বজাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । অগ্নি কাণ্ডত এখন বাইকৰ গেৰেজৰ দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে আন দুখন দোকানৰ কিছু সা সামগ্ৰী জ্বলি ভষ্মীভূত হয় বুলি জানিব পৰা গৈছে ।
এই অগ্নি কাণ্ডত বাইকৰ গেৰেজেৰ দোকানৰ প্ৰায় ২০ লাখ টকাৰ সা সামগ্ৰী বিনষ্ট হয় বুলি অনুমান কৰিছে স্থানীয় লোকে।
চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি জনা গৈছে। ইপিনে অগ্নিনিৰ্বাপক বাহিনী পলম কৈ উপস্থিত হোৱাৰ বাবে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।