Local, Vocal, Global

শীঘ্ৰেই ৰে’ল সেৱা পুনৰ আৰম্ভ হ’ব ডিমা হাচাও জিলাত

নিউজ ডেস্ক, ১৩ জুলাই : মঙলবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NFR) এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে যে প্ৰলয়ংকৰী বানপানী আৰু ভূমিস্খলনৰ ফলত ধ্বংস হোৱা অসমৰ ডিমা হাচাও জিলাক সংযোগ কৰা ৰে’ল নেটৱৰ্ক এতিয়া পুনৰুদ্ধাৰ কৰা হৈছে বুলি ।

NDFRৰ মুখ্য জনসম্পৰ্ক বিষয়া (CPRO) সবিয়াসাচী দেয়ে কয়, “বৰষুণে কাম প্ৰক্ৰিয়াত বাধা হিচাপে কাম কৰা স্বত্বেও, এন এফ ৰেলৱেই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পাহাৰীয়া শাখাটো পুনৰুদ্ধাৰ সম্পূৰ্ণ কৰে।”

তেওঁৰ মতে, অসম, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ বৰাক উপত্যকাক সংযোগ কৰা শাখাটোত শীঘ্ৰেই ৰে’ল সেৱাও পুনৰ আৰম্ভ হ’ব।

তেওঁ এক বিবৃতিত উল্লেখ কৰে যে “উত্তৰ-পূবৰ দক্ষিণ অংশলৈ অহা-যোৱা কৰাৰ বাবে অতি শীঘ্ৰেই সম্পূৰ্ণ ৰে’ল সংযোগ পুনৰ আৰম্ভ হ’ব, যাৰ আৰম্ভণি হৈছে মালবাহী সেৱাৰ পৰা। ৰে’লৱেই ক্ষতিগ্ৰস্ত লাইনটো পুনৰুদ্ধাৰ আৰু ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে,”।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আগতে উত্তৰ-পূবৰ লোকসকলক আশ্বাস দিছিল যে পাহাৰীয়া অঞ্চলত ৰেল সেৱা ১০ জুলাইৰ ভিতৰত পুনৰ আৰম্ভ হ’ব।

মন কৰিবলগীয়া যে লামডিং বিভাগৰ লামডিং-বদৰপুৰ পাহাৰশাখাৰ প্ৰায় ৮৫ কিলোমিটাৰ ৰে’লপথত মুষলধাৰ বৰষুণৰ ফলত এই বছৰৰ মে মাহৰ দ্বিতীয় সপ্তাহত ভূমিস্খলনহোৱাৰ ফলত বিৰূপ প্ৰভাৱ পৰিছিল।

উল্লেখ্য যে, ডিমা হাচাওত ৰেলপথৰ পুনৰুদ্ধাৰৰ কামৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ দ্বাৰা ১৮০ কোটি টকা মঞ্জুৰ কৰা হৈছিল।