Local, Vocal, Global

কাছাৰত জব্দ অবৈধ বাৰ্মিজ চুপাৰি

নিউজ ডেস্ক, ১৩ জুলাই : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধ বাৰ্মিজ চুপাৰিৰ সৰবৰাহ ।

আৰক্ষীৰ চকুত ধূলি দি কাছাৰ জিলাত একাংশ ব্যৱসায়ীয়ে ন- ন কৌশল প্ৰয়োগেৰে মিজোৰামৰ পৰা বহিঃৰাজ্যলৈ চুপাৰি সৰবৰাহ কৰি আহিছে ৷

বুধবাৰে গোপন তথ্যৰ ভিত্তিত অভিযান চলায় ধলাই আৰক্ষীয়ে জব্দ কৰে ১৭ বস্তা বাৰ্মিজ চুপাৰি ৷

ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ পাঠকৰ নেতৃত্বত চলা অভিযানত AS 01 MC 1565 নম্বৰৰ ট্ৰাক খনৰ পৰা উদ্ধাৰ কৰে বাৰ্মিজ চুপাৰিখিনি।

আনহাতে, আৰক্ষীক দেখাৰ পাছতেই পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন ৷

উল্লেখ্য যে জব্দকৃত চুপাৰিখিনি মিজোৰামৰ পৰা সৰবৰাহৰ বাবে অনা হৈছিল ৷

সম্প্ৰতি জব্দকৃত চুপাৰি খিনি ধলাই থানাত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷