Local, Vocal, Global

পুনৰ ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,২৬ মাৰ্চঃ শুকুৰবাৰে গুৱাহাটীত ফেডাৰেচনৰ বাৰ্ষিকৰ সাধাৰণ সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ২০২২ চনৰ ২০২৬ চনলৈ চাৰিবছৰৰ কাৰ্যকালৰ বাবে বেডমিণ্টন এছচিয়েছন অৱ ইণ্ডিয়াৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত কৰা হয়। ইয়াৰ পূৰ্বেও তেঁও বেডমিণ্টন এছচিয়েছন অৱ ইণ্ডিয়াৰ উপসভাপতি আছিল।

বিগত কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত এইবাৰ পুনৰ নতুন কমিটিৰ বাবে মনোনোয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া চলিছিল, য’ত ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ সভাপতি পদত মাত্ৰ ড০ হিমন্ত বিশ্ব শৰ্মাই মনোনোয়ন পত্ৰ দাখিল কৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰবাৰ ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।

প্ৰাক্তন কণিষ্ঠ ৰাষ্ট্ৰীয় প্ৰশিক্ষক সঞ্জয় মিশ্ৰ সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ অজয় কুমাৰ সিংহানিয়া কাৰ্যবাহী পৰিষদৰ উপ সভাপতি পদত নিৰ্বাচিত হৈছে।

নিৰ্বাচিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ” যোৱা দুটা দশক ধৰি ভাৰতত বেডমিণ্টনৰ আধিপত্য আছে আৰু খেলুৱৈসকলক উন্নত সুবিধা প্ৰদান কৰি আমি সেই উত্থান অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ”।