পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য
নিউজ ডেস্ক,৩ এপ্ৰিলঃ পুনৰ বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য। ৰবিবাৰৰ দিনটোত পেট্ৰ’লত বৃদ্ধি পালে ৮৯ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৮৫ পইচা। বিগত ১২ দিনত প্ৰায় ৭ টকা পৰ্যন্ত বৃদ্ধি পালে ইন্ধনৰ মূল্য।
১৩ দিনত ১১ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো এনেদৰে পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।
ৰবিবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ১০৩.৪৪ টকা আৰু ডিজেলৰ মূল্য ৮৯.২৯ টকা।
উল্লেখ্য যে, বিগত ২২ মাৰ্চৰ পৰা একেৰাহে বাঢ়ি আছে ইন্ধনৰ মূল্য । কেৱল পেট্ৰ’ল-ডিজেলৰ মূল্যই নহয় ৰন্ধন গেছ, জেট ইন্ধন আদিৰো মূল্য যথেষ্ট বৃদ্ধি পাইছে ।
যাৰ বাবে সম্প্ৰতি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে ।