Local, Vocal, Global

Assam woman shot dead by miscreants in Diphu : নিজ বাসগৃহতে গুলীয়াই হত্যা যুৱতীক; ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য

নিউজ ডেস্ক,১১জুন : সোমবাৰে নিশা নিজ বাসগৃহতে এগৰাকী যুৱতীক দুবৃত্তই গুলীয়াই হত্যা কৰি যোৱা ঘটনাই জোকাৰি গৈছে কাৰ্বি আংলং জিলা। শুকুৰী তিছ’পী নামৰ ২৩ বছৰীয়া যুৱতীগৰাকীক নিশাই গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। কাৰ্বি আংলং জিলাৰ ডিফুৰ ১২ নং ৱাৰ্ডৰ আৰলং লাংছ’ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।

এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য(Assam woman shot dead by miscreants in Diphu)।

জানিব পৰা মতে, মৃত শুকুৰী তিছ’পী আছিল বিবাহিতা। এই কথা সংবাদ মাধ্যমক অৱগত কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমক কোৱা অনুসৰি, “মই শুনিব পাইছো যে ডিফুত সোমবাৰে নিশা হত্যা কৰা যুৱতীগৰাকী বিবাহিতা আছিল। পূৰ্বে এগৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে যুৱতীগৰাকীৰ বিবাহ হৈছিল যদিও পিছত বিবাহ বিচ্ছেদ হয় আৰু তেওঁ অকলে থাকিবলৈ লয়।” কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে।

লগতে পঢ়ক : Massive fire engulfs factory in Maharashtra : মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড;দাওদাওকৈ জ্বলি উঠিল কেইবামহলীয়া অট্টালিকা