Local, Vocal, Global

আজি দ্বিতীয়বাৰৰ বাবে শপত ল’ব যোগী আদিত্যনাথে

নিউজ ডেস্ক,২৫ মাৰ্চঃ আজি দ্বিতীয়বাৰলৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব যোগী আদিত্যনাথে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰায় সংখ্যক কেন্দ্ৰীয় মন্ত্ৰী।

যোগী মন্ত্ৰীসভাত বিশেষ পৰিৱৰ্তন নহ’ব বুলি ৰাজনৈতিক পৰ্য্যবেক্ষক সকলে দাবী কৰিছে। এইবাৰো ২০১৭ চনৰ যোগী কেবিনেটৰ আধাৰত মন্ত্ৰী পৰিষদ গঠন কৰা হ’ব।

ইফালে আজিৰ শপতগ্ৰহণ অনুষ্ঠানলৈ দ্যা কাশ্মীৰ ফাইল নামৰ ছবিখনৰ কলা-কৌশলীসকলকো আমন্ত্ৰণ জনোৱা হৈছে।

ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত।