Local, Vocal, Global

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা !

ডিজিটেল ডেস্ক:- গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। পশ্চিম বংগৰ পৰা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি থকা তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত। ৰংজুলি থানাৰ অন্তৰ্গত পাটিয়াৰ পাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ’পথাৰত নামি যায় বাছখন। ফলত বাছখনত থকা ২৭গৰাকী যাত্ৰী আহত হয়। আহত লোকসকলক ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ WB-76A-6205।