Local, Vocal, Global

মায়ঙৰ কপৌজাৰীত বিধ্বংসী অগ্নিকাণ্ড !

ডিজিটেল ডেস্ক:-মায়ঙৰ কপৌজাৰীত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। সোমবাৰে সন্ধিয়াই সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাতো।

জানিব পৰা মতে,মৰিগাঁও জিলাৰ মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত কপৌজাৰী গাঁৱৰ ৰিয়াছউদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাতো। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে।অগ্নিকাণ্ডত ফলত ৪ টা কৈ ঘৰ আৰু কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত হয়।অগ্নিকাণ্ডৰ ফলত কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ভঁড়ালত থকা ধান- চাউল,সোণ,ৰূপৰ আ-অলংকাৰ, নগদ ধন, মূল্যবান নথিপত্ৰকে ধৰি ঘৰৰ সকলো সামগ্ৰী জুইত জাহ জাই। স্থানীয় ৰাইজে ততাতৈয়াকৈ জুই নিৰ্বাপন কৰে যদিও কোনো এপদ সামগ্ৰীয়েই জুইৰ লেলিহান শিখাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।