Local, Vocal, Global

গৰম পানীয়ে আমাক বহুতো ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে,আহক জানি লওঁ গৰম পানীয়ে আমাৰ শৰীৰত কি কি উপকাৰ সাধন কৰে..

ডিজিটেল ডেস্ক:-খালী পেটত গৰম পানী খালে আমাৰ বাবে শৰীৰৰ বাবে বহুটো লাভজনক হয়।ই আমাক বহুতো ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে।আমি শীতল পানীৰ পৰিবৰ্তে দৈনিক কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলো তেন্তে আমাৰ শৰীৰটোক বহু ৰোগ ব্যাধিৰ পৰা আতৰাই ৰাখিব ।

আজি আমি আপোনাক গৰম পানীৰ উপকাৰিতাৰ বিষয়ে কম।

আপুনি যদি ছালৰ ৰোগত ভুগি আছে আৰু আপোনাৰ ছালৰ উজ্জলতা যদি নাইকিয়া হৈ গৈছে , তেন্তে নিয়মিত গৰম পানী খোৱা অভ্যাস কৰক ।

মাহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষত এক গিলাচ গৰম পানীত এক চামুচ ঘিউ মিহলাই লৈ খালে বিষত পৰা উপশম লাভ কৰে।

হাত ভৰি জিন জিনাই থাকিলে গৰম পানী খালে তৎক্ষণাত উপশম পোৱা যায়।

শৰীৰৰ যিকোনো ঠাইত যদি বিষ হলে সেই সময়ত যদি এক গিলাচ গৰম পানী খায় , তেন্তে বিষৰ পৰা উপশম পায়।

নিয়মিত গৰম পানী সেৱন কৰা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা নাথাকে।

নিয়মিত গৰম পানী খালে শৰীৰৰ ওজন হ্ৰাস পায় ।

Slim থাকিবৰ বাবে নিয়মিত গৰম পানী খাওক।

পুৱা শুই উঠি খালী পেটত গৰম পানী খালে কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পায় আৰু পেট চাফা হৈ থাকে।

ভাত খোৱাৰ এক ঘণ্টা আগতে এক গিলাচ গৰম পানী আৰু খোৱাৰ এক ঘণ্টা পিছত এক গিলাচ গৰম পানী নিয়মিত খালে হজমশক্তি বৃদ্ধি হয়।

খালি পেটত ৰাতিপুৱা গৰম পানী খালে প্ৰসাব সম্বন্ধীয় ৰোগৰ পৰা উপশম পায় আৰু বৃক্ক পৰিস্কাৰ হৈ থাকে।