Local, Vocal, Global

Massive Fire Breaks Out at Duliajan : ব্যৱসায়িক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক,৩মাৰ্চ : ব্যৱসায়িক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত প্ৰতিষ্ঠান ।

মঙলবাৰে নিশা দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড । দুলীয়াজানৰ ১ নং চলাকটকী অঞ্চলৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।

জানিব পৰা মতে, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীৰ নাম সুন্দৰ কলিতা। ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ বহু সময় ধৰি চলোৱা অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুই নিৰ্বাপন কৰি উভতি অহাৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহনখনো দুৰ্ঘটনাগ্ৰস্থ হয়(Massive Fire Breaks Out at Duliajan)। বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। ফলত অগ্নিনিৰ্বাপক বাহিনীৰ বাহখন ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়।

এই দুৰ্ঘটনাত তিনিগৰাকীকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আহত হয় বুলি জানিব পৰা গৈছে। ইফালে কি কাৰণত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সেই বিষয়ে বৰ্তমানেও জানিব পৰা হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ চূড়ান্ত মইমতালী