Local, Vocal, Global

Paid holiday declared in state for Lok Sabha Elections : লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত পেইড হলিডে’ ঘোষণা

নিউজ ডেস্ক,৩মাৰ্চ : মাজত মাত্ৰ কেইটামান দিন ৷ সকলো ব্যস্ত নিৰ্বাচনীয় প্ৰচাৰক লৈ ।

সমাগত লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই পেইড হলিডে’ ঘোষণা কৰিছে ।

যিহেতু প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, সেই হিচাবে ৰাজ্যপাল কাটাৰীয়াই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 135 B ৰ অধীনত P R act 1951 ৰ অধীনত নিৰ্বাচনৰ দিনটোত কৰ্মচাৰীয়ে পেইড লীভ লাভ কৰিব বুলি জনায় ।

উল্লেখ্য যে, নিৰ্বাচনৰ দিনটোত নিজৰ বহুমূলীয়া ভোটটো প্ৰদান কৰিবলৈ বহু সময়ত ভোটাৰজন কৰ্মসূত্ৰে অন্য স্থানত থকাৰ বাবে ভোটদান কৰিবলৈ নোৱাৰে বা কোনো ব্যক্তি অন্য চুবুৰীয়া ৰাজ্যত থকাৰ বাবে নিৰ্বাচন চলি থকা ঠাইত উপস্থিত থাকিব নোৱাৰে ৷ সেইবাবে ৰাজ্যপাল কাটাৰীয়াই নিৰ্বাচনী আয়োগৰ নীতি অনুসৰি নিৰ্বাচন চলি থকা অঞ্চলত উপস্থিত থাকিব পৰাকৈ ঘোষণা কৰিছে Paid Holiday ৰ(Paid holiday declared in state for Lok Sabha Elections) ।

জানিব পৰা মতে, এই পূৰ্ণ মজুৰীৰ সৈতে বন্ধ সকলো চৰকাৰী প্ৰতিষ্ঠান ,ব্যক্তিগত প্ৰতিষ্ঠান ,বেংক, চাহ বাগিচাৰ কৰ্মচাৰীৰ লগতে ভোট গ্ৰহণ নোহোৱা জিলাখনতো এই বন্ধ উপলব্ধ হ’ব বুলি ঘোষণাটোত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :Massive Fire Breaks Out at Duliajan : ব্যৱসায়িক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড