Local, Vocal, Global

Daily Horoscope for 3rd April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : পাৰিবাৰিক সম্পৰ্ক উন্নত ৷ পাৰিবাৰিক সমস্যাত আলোচনা কৰক ৷ মাতৃৰ পৰা সুফল লাভ কৰিব ৷ কামৰ বোজা বৃদ্ধি হ’ব পাৰে ৷ চৰকাৰী কামৰ বাবে ভ্ৰমনলৈ যাব লগা হ’ব পাৰে আৰু সেই কামত সফলতা লাভ কৰিব ৷ শৰীৰৰ যত্ন লওক ৷

বৃষ ৰাশি : বিদেশ ভ্ৰমনৰ যোগ আছে ৷ সাগৰৰ পাৰ অথবা তীৰ্থ ভ্ৰমনলৈ যোৱাৰ যুগ আছে ৷ ভ্ৰমনে আপোনাৰ জীৱনলৈ সুফল কঢ়িয়াই আনিব ৷ ধৰ্মীয় স্থান পৰিভ্ৰমন কৰি নতুন পৰিকল্পনা কৰাৰ প্ৰেৰনা লাভ কৰিব৷ বিদেশত থকা আপোনাৰ আপোনজনৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে৷ মূৰৰ বিষ আৰু কাহে আপোনাৰ শৰীৰটোক দুৰ্বল কৰাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সুগম নহয় ৷ আজি আপোনাৰ ইচ্ছা-আকাংক্ষাবোৰ প্ৰকাশ নকৰিব৷ নতুন কোনো কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ আপোনাৰ ভাল লগা গান শুনি মনটো শান্ত কৰি ৰাখক ৷

ককৰ্ট ৰাশি : আপোনাৰ দিনটো আনন্দৰে পাৰ হ’ব ৷ আপুনি ৰোমাণ্টিক সময় তথা বিনোদনৰ সময় পাৰ কৰিব ৷ব্যৱসায়ত উন্নতি হ’ব আৰু ব্যৱসায়ৰ পৰা লাভান্বিত হ’ব ৷ আপোনাৰ সন্মান বৃদ্ধি হ’ব ৷

সিংহ ৰাশি : কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ ঘৰুৱা কামত বাধা অহাৰ সম্ভাৱনা আছে ৷ আপোনাৰ মন অশান্ত হোৱাৰ ফলত অমনোযোগী হ’ব পাৰে ৷

কন্যা ৰাশি : আপোনাৰ বাবে আজিৰ দিনটো অশুভ ৷ আপুনি পেট আৰু লিভাৰ অসুখত ভোগাৰ সম্ভাৱনা আছে ৷ আপোনাৰ প্ৰিয়জনৰ লগত অথবা বন্ধুৰ লগতসময় কটাওক ৷ শান্ত থাকক আৰু কাৰো লগত আপোনাৰ সমস্যাসমূহৰ আলোচনা নকৰিব ৷

তুলা ৰাশি : আপুনি সংযমহীন অনুভৱ কৰিব পাৰে ৷ মানসিকভাৱে দুৰ্বল আৰু দুখী অনুভৱ কৰিব পাৰে ৷ মাতৃ বা আন কোনো মহিলাৰ সহযোগত আপোনাৰ বিবাহৰ যোগ হ’ব পাৰে ৷ আপোনাৰ মনটোক স্থিৰ কৰিবলৈ প্ৰাৰ্থনা কৰক৷ পানীৰ পৰা আঁতৰি থাকক ৷ ভ্ৰমনৰ পৰা বিৰত থাকক৷ আইনৰ লগত জড়িত লোক বা অধিবক্তাৰ পৰা সাৱধান হওক ৷ পৈতৃক সম্পত্তিৰ কামৰ ক্ষেত্ৰত পলম হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : নতুন কৰ্মক্ষেত্ৰত নতুন বন্ধুৰ সংগ আৰু আনন্দৰে দিনটো সুকলমে পাৰ হ’ব ৷ আপোনাৰ দিনটো আনন্দৰে পাৰ হ’ব৷ আপোনাৰ কামৰ শুভ ফল লাভ কৰিব ৷ ভাতৃ-ভগ্নীৰ লগতে আপোনাৰ আশে-পাশে থকা লোকৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ ভ্ৰমণৰ যোগ আছে ৷

ধনু ৰাশি : আপোনাৰ প্ৰিয়জনক লৈ সাৱধান হওক৷ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ কাম সফল কৰিবলৈ কষ্ট কৰিবলগা হ’ব ৷ পৰিয়ালৰ লোকৰ লগত মনোমালিন্য হ’ব পাৰে ৷

মকৰ ৰাশি : ভাবি চিন্তি পদক্ষেপ লওক ৷ সৰু দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ দিনটো সুকলমে যাব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু মৰ্যাদা চকুত পৰাকৈ বৃদ্ধি পাব ৷আজি আপোনাৰ বাবে দাম্পত্য আৰু মানসিক শান্তিৰ যোগ আছে ৷

কুম্ভ ৰাশি : আপুনি শৰীৰ সুস্থ সবল ৰাখিবলৈ শৰীৰ চৰ্চা কৰক ৷ গোচৰ-মোকৰ্দমাৰ পৰা দূৰত থাকক৷ ব্যয়বৃদ্ধি হ’ব পাৰে আৰু পৰিয়ালৰ লোকৰ সৈতে সামান্য মতবিৰোধ হ’ব পাৰে ৷ নিজকে শান্ত ৰাখক ৷

মীন ৰাশি : আকস্মিকভাৱে ধন লাভ কৰিব পাৰে ৷ সন্তানৰ বিষয়ত ভাল খবৰ আহিব পাৰে ৷ পুৰণি বন্ধুক লগ পাব । সামাজিক কাৰণত ভ্ৰমনৰ যোগ আছে ৷ আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ যাওক ৷