Local, Vocal, Global

ডিব্ৰুগড়ৰ CJM আদালতত আত্মসমৰ্পণ বিনীত বগাৰীয়া কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় শৰ্মাৰ

নিউজ ডেস্ক, ১ জুলাই : ৰাজ্য কঁপাই যোৱা বিনীত বাগাৰীয়াৰ কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় শৰ্মাই সোমবাৰে ডিব্ৰুগড়ৰ CJM আদালতত আত্মসমৰ্পণ কৰে ।

খবৰ অনুসৰি, ঘটনাটোৰ পিছৰে পৰা পলাতক হৈ থকা অভিযুক্তজনে আজি আত্মসমৰ্পণ কৰিবলৈ আদালতত হাজিৰ হয়।

অৱশ্যে, গোচৰটোৰ আন এজন অভিযুক্ত আজিজ খান বৰ্তমানেও পলাতক অৱস্থাত আছে।

আজি আত্মসমৰ্পণ কৰা শৰ্মাকে ধৰি এই গোচৰটোৰ চাৰিজন অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বিষয়াসকলে আৰু উল্লেখ কৰিছিল যে এতিয়ালৈকে গোচৰটোত মূল অভিযুক্ত সকল হৈছে নিশান্ত শৰ্মা, বৈদুল্লা খান আৰু চামচুলা খান।

আনহাতে, ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশে শৰ্মাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।