Local, Vocal, Global

ৰ’দত শুকুৱালেই বেক্টেৰিয়া মুক্ত হ’ব মাস্ক

কৰ’না সন্ত্ৰাসৰ বাবে এতিয়া সকলোৰে জীৱনৰ সংগী হৈ পৰিছে ফেচ মাস্ক। মাস্ক অবিহনে যেন অসাৰ হৈ পৰিছে দৈনন্দিন জীৱন যাত্রা । কৰ’না সংক্রমণৰ পৰা হাত হাৰিব পৰা অন্যতম আহিলা হৈছে ফেচ মাস্ক । মাস্ক ৰ এই উপযোগিতা প্ৰতি লক্ষ্য ৰাখি বৈজ্ঞানিক সকলে এনে এখন মাস্ক তৈয়াৰ কৰিছে যিখন মাস্কে ৯৯.৯৯% বেক্টেৰিয়া নিৰ্মূল কৰিব । এই বিশেষ মাস্ক খন ১ঘণ্টা ৰদৰ সংস্পর্শত থাকিলেই নিৰ্মূল হ’ব বেক্টেৰিয়া । এখন কপাহী কাপোৰেৰে তৈয়াৰ কৰা এই মাস্ক খন ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰি। আমেৰিকাৰ কেলিফৰ্ণীয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এনে এক সূতাৰ কাপোৰ উদ্ভাৱন কৰি উলিয়াইছে যিখন কাপোৰ ৰ’দৰ সংস্পর্শলৈ আহিলে ‘REACTIVE OXYGEN SPECIES’ নিঃসৰণ কৰে যিয়ে বেক্টেৰিয়া সমূহ ধ্বংস কৰাৰ লগতে মাস্ক খন ধুই পুনৰ ব্যৱহাৰ উপযোগী কৰি তোলে