Local, Vocal, Global

বাধ্যতামূলক কৰিলে মাস্ক

নিউজ ডেস্ক, ১৪ জুলাই : ৰাজ্যত ক্ৰমাণ্বয়ে বৃদ্ধি পাইছে কোভিড-১৯ৰ ঘটনা ।

বিগত এসপ্তাহ ধৰি অসমৰ কাছাৰ জিলাত কোভিড-১৯ৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলাত মাস্ক বাধ্যতামূলক কৰা হৈছে।

কাছাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ দ্বাৰা জাৰী কৰা এক নিৰ্দেশত, বিষয়া, চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীকে ধৰি সকলো লোকৰ বাবে তেওঁলোকৰ নিয়মীয়া দায়িত্ব পালন কৰাৰ সময়ত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে আৰু লগতে উপযুক্ত আচৰণ বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে।

ইফালে, যিকোনো ধৰণৰ সমাৱেশত উপস্থিত থাকি সকলো লোকে বাধ্যতামূলকভাৱে মাস্ক পিন্ধিব লাগিব। সকলো শ্ব’ৰ মালিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানৰ ভিতৰত হেণ্ড চেনিটাইজাৰ, ফেচ মাস্ক, সামাজিক দূৰত্বসহ উপযুক্ত আচৰণ নিশ্চিত কৰিব লাগিব।

দোকান,পেট্ৰল পাম্প, বেংক, মল আৰু কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত “No mask, no entry” চিহ্ন বাধ্যতামূলকভাৱে প্ৰদৰ্শন কৰিব লাগিব।