Local, Vocal, Global

কন্যা সন্তান জন্ম দিয়াৰ বাবে এচিড খুৱাই হত্যা এগৰাকী মহিলাক

নিউজ ডেক্স,১৪ জুলাই : ধিক্কাৰ মানৱ সমাজ! এইখন অসমতে সংঘটিত হৈছে এক লজ্জাজনক ঘটনা । কিমান নিচ হ’ব পাৰে মানুহ ?

কন্যা সন্তান জন্ম দিয়াই কাল হ’ল চুমানা বেগমৰ। কৰিমগঞ্জ জিলাত কন্যা সন্তান জন্ম দিয়াৰ বাবেই ভাতৰ লগত এচিদ খুৱাই হত্যা কৰে এগৰাকী মহিলাক ৷ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ ৷

মহিলা গৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও কিন্তু কিছু সময়ৰ পিছত নিৰ্যাতিত মহিলা গৰাকীৰ মৃত্যু হয়।

নিহত চুমানা বেগম নাম মহিলাগৰাকীৰ ঘৰ কৰিমগঞ্জৰ গুলালকান্দি এলেকাত আনহাতে স্বামী শাকিল আহমদৰ ঘৰ ভৈৰব নগৰ এলেকাত।

উল্লেখ্য যে, দুটা সন্তানৰ মাতৃ আছিল চুমানা । আনহাতে, চুমানা বেগমক প্ৰায়েই বেয়া ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে দেৱৰ আৰু শাহুৰ বিৰুদ্ধে।

এই ঘটনাৰ পাছতেই মৃত চুমানাৰ পৰিয়ালে স্বামী পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে ।ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।