Local, Vocal, Global

Margherita Rehab Center: ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ?

তিনিচুকীয়া,২৭মে’ : ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল ধন সংগ্ৰহৰ কাৰখানালৈ পৰিণত হৈছে নেকি নিচামুক্তি কেন্দ্ৰসমূহ ? সম্প্ৰতি এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ৷ কিয়নো ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে(Margherita Rehab Center) ৷

পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু। এইবাৰ মাৰ্ঘেৰিটাত মৃত্য়ু যুৱকৰ ।

শেহতীয়াকৈ মাৰ্ঘেৰিটা চেগুনবাৰী স্থিত সেৱা নামৰ নিছামুক্তি কেন্দ্ৰত এজন যুৱকৰ মৃত্যু হোৱা কথা পোহৰলৈ আহিছে। মাৰ্ঘেৰিটা লাজুম নিৱাসী আৰচাদ আনচাৰি নামৰ যুৱকজনে দেওবাৰে নিচামুক্তি কেন্দ্ৰটোতে ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা অনুসৰি যুৱকজন বিগত প্ৰায় ৬ মাহ ধৰি জনৈক চেতিয়া উপাধি মালিকানাধীন সেৱা নামৰ নিচামুক্তি কেন্দ্ৰটোত চিকিৎসাধীন হৈ আছিল।

দেওবাৰে আবেলি নিচামুক্তি কেন্দ্ৰটোৰ পৰা পৰিয়ালৰ লোকক যুৱকজনৰ স্বাস্থ্য অৱনতি হোৱা বুলি খৱৰ দিয়াত পৰিয়ালৰ লোকে যুৱকজনক মাৰ্ঘেৰিটা এফ আৰ ইউ চিকিৎসালয়ত চিকিৎসা বাবে নিয়ে যদিও চিকিৎসকে যুৱকজন মৃত বুলি ঘোষণা কৰে।এই ঘটনাই পুনৰবাৰ প্ৰমান কৰিলে নিচামুক্তি কেন্দ্ৰৰ নামত মাৰ্ঘেৰিটাত প্ৰকৃততে কি চলি আছে।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই যুৱজনৰ মৃত্যুৰ কাৰণ । মৰণোত্তৰ প্ৰতিবেদন অহা পিছতহে যুৱকজনৰ মৃত্যু প্ৰকৃত কাৰণ জানিব পৰা যাব। মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনে ইতিমধ্যে মৃত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

ইফালে ঘটনা সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সাধাৰণ সম্পাদক উমানন্দ মুদৈ মৰাণে এই ঘটনা এক উচিত তদন্ত দাবী কৰাৰ লগতে বেআইনীভাৱে অলিয়ে গলিয়ে গঢ়ি উঠা নিচামুক্তি কেন্দ্ৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বাবে প্ৰশাসনৰ প্ৰতি দাৱী জনাইছে।

লগতে পঢ়ক :Land centric clash : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত