Local, Vocal, Global

Rahul Gandhi Narrowly Escapes Stage Collapse During Bihar Election Rally : নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিহাৰত চাঞ্চল্যকৰ ঘটনা;কথমপি ৰক্ষা কংগ্ৰেছ নেতা ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক,২৭ মে’: নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিহাৰত চাঞ্চল্যকৰ ঘটনা । কথমপি ৰক্ষা পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।

বিহাৰৰ পাটলিপুত্ৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হঠাতে খহি পৰে মঞ্চ । সেই সময়ত মঞ্চত আন আন নেতাসকলৰ সৈতে উপস্থিত আছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মঞ্চখন খহি পৰাৰ লগে লগে সৃষ্টি হয় বিশৃংখল পৰিৱেশৰ । সেই সময়তে ইণ্ডিয়া ব্লকৰ অংশীদাৰ আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতী ৰাহুল গান্ধীৰ সৈতে মঞ্চত উপস্থিত আছিল । তেওঁৰ সৈতে আন নেতা আৰু ৰাহুল গান্ধীৰ নিৰাপত্তাত নিয়োজিত দেহৰক্ষীসকলো আছিল ।

ইতিমধ্যে মঞ্চ খহি পৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে । ৰাহুল গান্ধীকে ধৰি একাংশ নেতা মঞ্চৰ সন্মুখলৈ অহাৰ লগে লগে হঠাতে মঞ্চখন খহি পৰিছিল । এই সময়ছোৱাত দেহৰক্ষীসকলে ৰাহুল গান্ধীক মঞ্চৰ পৰা নামি যাবলৈ আহ্বান জনাইছিল ৷ কিন্তু তেওঁ অস্বীকাৰ কৰিছিল আৰু মঞ্চৰ পৰা সভালৈ অহা লোকসকলক অভিবাদন জনাইছিল(Rahul Gandhi Narrowly Escapes Stage Collapse During Bihar Election Rally) ।

উল্লেখ্য যে, অহা ১ জুনত দেশত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । নিৰ্বাচন হ’বলগীয়া সমষ্টিবোৰত নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতীৰ সমৰ্থনত ৰেলী সম্বোধন কৰিবলৈ বিহাৰত উপস্থিত হৈছিল আৰু মিছা ভাৰতীৰ সমৰ্থনত প্ৰচাৰ চলায় ।

মঞ্চত ৰাহুল গান্ধীৰ লগতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ভি আই পি প্ৰধান মুকেশ চাহনী, নেতা দীপংকৰ ভট্টাচাৰ্য, কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত মোহন প্ৰকাশ, ৰাজ্যিক সভাপতি অখিলেশ সিঙে মিছা ভাৰতীৰ হৈ প্ৰচাৰ চলায় ।

লগতে পঢ়ক : চাপৰত অব্যাহত গৰু চোৰৰ সন্ত্ৰাস