Local, Vocal, Global

ক’লা হীৰাৰ সুৰক্ষাৰ দাবীত উত্তাল মাৰ্ঘেৰিটা

ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ- পূব কয়লা ক্ষেত্ৰ ক্ৰমাৎ বন্ধৰ দিশে গতি কৰিছে । উৎপাদন কাৰ্য বন্ধ কৰি দিয়াৰ পাছতে  উত্তৰ- পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাত কৰ্মৰত কৰ্মচাৰীলৈ জাননী জাৰি কৰা হৈছে ।২০ জুনৰ ভিতৰত দেশৰ অন্য কয়লা ক্ষেত্ৰলৈ বদলিৰ বাবে কৰ্মচাৰীসকলক আবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে । এনে সময়তে আজি মাৰ্ঘেৰিটাৰ কেইবাসহস্ৰাধিক জনতা ওলাই আহিল ৰাজপথলৈ । মাৰ্ঘেৰিটাবাসীয়ে সমস্বৰে কলে –
Save north eastern coal field
Save margherita ..
মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰুপ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো বন্ধ কৰাৰ কোনো সিদ্ধান্ত মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিলে প্ৰতিবাদকাৰীয়ে ।
প্ৰতিবাদী সভাখনত বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকা , লোহিত গগৈ ,সাংবাদিক ৰাণাজ্যোতি নেওগ , অশ্বিনী গগৈ ,পল্লৱ শ্যাম বাইলুং প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য ডাঙি ধৰে ।