Local, Vocal, Global

কলগাছিয়া বজাৰৰ মাজমজিয়াত তীব্ৰ যানজটত অতীষ্ঠ জনজীৱন

ডিজিটেল ডেস্ক:- কলগাছিয়া বজাৰৰ মাজমজিয়াত তীব্ৰ যানজটত অতীষ্ঠ জনজীৱন। আৱদ্ধ ১০৮ এম্বুলেন্স সেৱা, জীয়াতু ভুগিছে ৰাইজে। গুৰুত্ব নাই পৰিবহন বিভাগৰ। প্ৰশাসনৰ দৃষ্টি গোচৰৰ দাবী। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া হৈছে শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি ব্যৱসায়-বাণিজ্য‌ৰ প্ৰাণকেন্দ্ৰ। বৰ্তমান কলগাছিয়াত সম্প্ৰতি যানজঁটৰ ফলত অতীষ্ঠ হৈ পৰিছে জনজীৱন। ফলত আবদ্ধ হৈ পৰিছে ১০৮ এম্বুলেন্স সেৱা।

কলগাছিয়াৰ চাৰিআলিৰ পৰা বৰপেটা অসামৰিক চিকিৎসালয়লৈ, কলগাছিয়া চাৰিআলিৰ পৰা নৱজ্যোতি মহাবিদ্যালয়লৈ, চাৰিআলিৰ পৰা ঈদগাহলৈ আৰু চাৰিআলিৰ পৰা বৰপেটা ৰোড অভিমুখে যোৱা গড়কাপ্তানি পথত ঘণ্টাৰ পিছত ঘণ্টা আৱদ্ধ হৈ থাকিব লগা হৈছে পথচাৰীৰ লগতে চাৰিচকীয়া বাহন জৰুৰীকালীন সেৱা এম্বুলেন্স। ফলত সৰ্বসাধাৰণ ৰাইজৰ ব্যৱসায়ীৰ লগতে ৰোগী সকলৰ যাতায়াতত নৰক যন্ত্ৰনাত ভুগিবলগীয়া হৈছে। এইক্ষেত্ৰত ৰাইজে কলগাছিয়া বজাৰৰ ৰাস্তা বহল কৰাৰ লগতে ট্ৰেফিক পুলিচ নিযুক্তিৰ দাবী জনায়।

উল্লেখ্য যে ৰাস্তাৰ মাজত ঘণ্টাৰ পৰা ঘণ্টালৈকে হোৱা যানজঁটৰ ফলত কেতিয়াবা প্ৰসুতিয়ে ৰাস্তাৰ মাজত সন্তান জন্ম দিব লগা হয় বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰে। অতি গুৰুত্বপূৰ্ণ বিষয় যে কলগাছিয়া বজাৰতে যান-বাহনৰ পাৰ্কিং থকাৰ পিছতো একাংশ অসাধু দুষ্টচক্ৰই চাৰিআলিৰ মাজমজিয়াতে সৰু-বৰ সকলো গাড়ীসমূহ পাৰ্কিং কৰি বৃহৎ যানজঁটৰ সৃষ্টি কৰাৰ লগতে সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ীসকলৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।

কলগাছিয়া আৰক্ষী প্ৰশাসনে এই অসাধু দুষ্টচক্ৰৰ লগত লগে-ভাগে প্ৰত্যেকদিনাই টকা লৈ কুম্ভনিদ্ৰাত বিলীন হৈ থাকে বুলি ব্যৱসায়ীসকলে অভিযোগ উত্থাপন কৰিছে। যাৰ বাবে ৰাইজে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

 অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।