Local, Vocal, Global

Maoist Attack In Chhattisgarh : ছত্তীশগড়ত শপত গ্ৰহণৰ পূৰ্বে IED ৰ বিস্ফোৰণ; শ্বহীদ সেনা জোৱান

নেশ্যনেল ডেস্ক, ১৩ডিচেম্বৰ : ছত্তীশগড়ত শপত গ্ৰহণৰ পূৰ্বে IED ৰ বিস্ফোৰণ । আজি দুই ৰাজ্যৰ নতুন চৰকাৰৰ শপত গ্ৰহণ । বুধবাৰে ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে ল’ব শপত গ্ৰহণ । দুপৰীয়া ২ বজাত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি সভাপতি অমিত শ্বাহ, বিজেপি সভাপতি জে পি নাড্ডা আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ উপস্থিত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইৰ শপত গ্ৰহণ কৰিব(Maoist Attack In Chhattisgarh)।

কিন্তু শপত গ্ৰহণৰ পূৰ্বে ৰাজ্যখনত সংঘটিত হয় মাওবাদীৰ আক্ৰমণৰ ঘটনা। নক্সালবাদীয়ে নাৰায়ণপুৰত IED ৰ বিস্ফোৰণ কৰাৰ ফলত এজন সেনা জোৱান শ্বহীদ হয় বুলি জানিব পৰা গৈছে, লগতে আন এজন জোৱান গুৰুতৰভাৱে আহত হয় । আহত জোৱানজনৰ অৱস্থা অতি সংকটজনত(One CAF Jawan Killed, Another Injured) ।

জানিব পৰা মতে এই আক্ৰমণত শ্বহীদ হোৱা জোৱান গৰাকী CAF কনিষ্টবল কমলেশ চাহু। আনহাতে আহত জোৱানজন বিনয় কুমাৰ চাহু ।

উল্লেখ্য যে, মাওবাদীসকলে নাৰায়ণপুৰৰ আমদাই খনিত এই আক্ৰমণ কৰে। ইয়াৰ পূৰ্বে সোমবাৰে মাওবাদীয়ে সুকমা জিলাত আইইডি বিস্ফোৰণ কৰিছিল। য’ত দুগৰাকী নিৰাপত্তাৰক্ষী আহত হৈছিল।

লগতে পঢ়ক : Vishnu Deo Sai to take oath as Chhattisgarh CM today : বুধবাৰে ছত্তীশগড়ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে