Manipur: ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ পিছতেই অশান্ত মণিপুৰ
গুৱাহাটী: ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ পিছতেই অশান্ত মণিপুৰ (Manipur)। মণিপুৰৰ CRPF কেম্পত নিৰ্বিচাৰ গুলীচালনা। প্ৰাণ গল ৩ জন কৈ জোৱানৰ ।
আৰু আহত হৈছে ৮ জন কৈ জোৱান।সহকৰ্মীয়ে কৰিলে গুলীচালনা।ব্যক্তিগত বিবাদৰ কথা প্ৰকাশ পাইছে।সংঘৰ্ষ পীড়িত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পাছতেই পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, তাকে লৈ চলিছিল জল্পনা-কল্পনা।
কিন্তু, চাৰিদিন উকলি যোৱাৰ পাছতো ঘোষণা নহ’ল নতুন মুখ্যমন্ত্ৰীৰ নাম। সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাজ্যখনৰ সকলো কাম-কাজ ৰাষ্ট্ৰপতিৰ অধীনত।
দুমাহপৰ্যন্ত মণিপুৰত বাহাল থাকিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন।৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰাৰ পিছৰে পৰা তদাৰকী মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল এন বীৰেন সিং।
বৃহস্পতিবাৰৰ পৰা মণিপুৰত প্ৰয়োগ কৰা হৈছিল ৰাষ্ট্ৰপতি শাসন