Local, Vocal, Global

Watch | Manikpur MLA: এটা দিনেই ১৬ টা কামৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক আব্দুল বাতিন খন্দকাৰৰে

মাণিকপুৰ: উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে নাম্বাৰপাৰা পৰা মানিকপুৰ সংযোগী ৰাস্তাৰ কামৰ আধাৰশিলা স্থাপন কৰে । গোলাপাৰা পৰা চাকলা সংযোগী ৰাস্তাৰ কামৰ আধাৰশিলা স্থাপন লগতে আৰু ১৪ টা কামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২ কোটি টকাৰ কামৰ শুভ আৰাম্ভ কৰি সংবাদ মাধ্যমৰ আগতে কয় যে -“আগৰ বিধায়ক কৰিব নোৱাৰা কাম কৰিব চেষ্টা কৰিলোঁ”।

২০২৩-২৪ বৰ্ষৰ ফিপটিন ফাইনেন্সৰ ৯ লাখ টকাব্যয়ৰে ৰাস্তাৰ মেৰামতি বাবে আবণ্টন দিয়ে। উল্লেখ্য যে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ কংগ্ৰেছী হোৱাৰ পিছতো কোটি কোটি টকাৰ কাম কৰি থকাত ৰাইজৰ মাজত চর্চিত হৈ পৰিছে। বিধায়ক আব্দুল বাতিন খন্দকাৰে অসমৰ ভিতৰতে পিছপৰা সমষ্টিত কোটি কোটি টকাৰ কাম কৰি আছে বুলি একাংশ কংগ্রেছ কৰ্মীয়ে মন্তব্য কৰিছে।