Local, Vocal, Global

Ginger For Weight Loss: পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আদা স্বাস্থ্যৰ আমাৰ বাবে অতি উপকাৰী

আমি প্ৰায় ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আদা ব্যৱহাৰ কৰো। ৰন্ধনত আদা ব্যৱহাৰে ৰন্ধনৰ সোৱাদ বঢ়াৰ লগতে ইয়াক সুগন্ধিময় কৰি তোলে। আদা ৰন্ধনৰ সোৱাদ বঢ়া আৰু সুগন্ধিময় কৰি তোলাৰ লগতে আমাৰ শৰীৰক যথেষ্ট উপকাৰিতা প্ৰদান কৰে( Health Benefits of Ginger)।

আদা কেৱল ৰন্ধনত ব্যৱহাৰৰ উপাদান নহয়। ই আমাৰ স্বাস্থ্যৰ বাবে ভাল ৷ মূৰ ঘূৰোৱা, ওকালি অহা, হজমৰ সমস্যা, গেছৰ বুকু জ্বলা-পোৰা আৰু আন বহুতো সমস্যাৰ বাবে ঘৰুৱা প্ৰতিকাৰ হ’ল আদা।

পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আদা স্বাস্থ্যৰ আমাৰ বাবে অতি উপকাৰী ৷ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই ওজন কমোৱাতো সহায় কৰে ৷ ওজন কমোৱাত যথেষ্ট সহায় কৰে আদাই ৷ যদি আপুনি ওজন বৃদ্ধিৰ বাবে সমস্যাত ভুগিছে তেন্তে আপোনাৰ খাদ্যৰ তালিকাত আদা অন্তভুক্ত কৰক ।

আপোনাক ওজন কমোৱাতো সহায় কৰিব পাৰে আদাই ৷ ওজন নিয়ন্ত্ৰণৰ বাবে আদাক কি ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি জানো আহক

আদাৰ চাহ

যিসকল লোকে ওজন বৃদ্ধিৰ বাবে সমস্যাৰ ভুগিছে আৰু ওজন কমাব বিচাৰে তেন্তে আদাৰ চাহ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ ওজন কমাবলৈ নিয়মিতভাৱে পুৱা বা গধূলি আদাৰ চাহ খাব পাৰে ৷ এই চাহত নেমুৰ ৰসো মিহলাই লব পাৰে ৷ যিটো ওজন হ্ৰাস কৰাত ফলপ্ৰসূ ৷

আদা আৰু নেমুৰ পানী

আপুনি ওজন কমাবৰ বাবে খাদ্যত আদা আৰু নেমুৰ পানী খাব পাৰে ৷ ইয়াৰ বাবে আদা আৰু নেমুৰ ৰস গৰম পানীত মিহলাই প্ৰতিদিনে পুৱা ডিটক্স ড্ৰিংক হিচাপে খাব লাগে ৷

স্মুদি
ওজন কমাবলৈ আদাৰ স্মুদিও খাব পাৰে ৷ ফল-মূল, শাক-পাচলি আৰু আদা ব্যৱহাৰ কৰি এইটো বনাব পাৰি ৷ ইয়াৰ ফলত পেট ভৰি থাকে আৰু ওজন কমোৱাত সহায় কৰে ৷

আদাৰ গুড়ি
আদাৰ গুড়ি আমাৰ স্বাস্থ্যৰ বাবে আদাৰ সমানেই উপকাৰী ৷ আদাৰ গুড়িত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায় ৷ ওজন কমাবলৈ আদাৰ গুড়িৰ সহায় ল’ব পাৰে ৷ পানীত মিহলাই খাব পাৰে বা খাদ্যতো ব্যৱহাৰ কৰিব পাৰে ৷

কেণ্ডী
আদাৰ কেণ্ডী খাবলৈ অতি সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় । ওজন কমাবলৈ এইটো এটা উত্তম বিকল্প । ইয়াক তৈয়াৰ কৰিবলৈ আদাৰ টুকুৰা কৰি কাটি লওক । এই টুকুৰাবোৰ এটা বাটিত ভৰাই তাৰ পিছত তাত নিমখ, আমৰ গুড়ি, জালুকৰ গুড়ি আৰু নেমুৰ ৰস মিহলাই লওক । এই মিশ্ৰণটো কিছু সময় থৈ দিব । ইয়াৰ পিছত ৰ’দত শুকুৱাই লওক । আপোনাৰ আদাৰ কেণ্ডী সাজু ।