বাংলাদেশৰ ফেনী জেলত আৱদ্ধ এজন অসমীয়া যুৱক মঙলদৈ আহি পালে
অৱশেষত বাংলাদেশৰ মঙলদৈ আহি পালে মুকুল হাজৰিকা। অৱশেষত বাংলাদেশৰ ফেনী জেলত আৱদ্ধ এজন অসমীয়া যুৱকক মঙলবাৰে আবেলি 5 -15 বজাত মঙ্গলদৈ সদৰ থানাত উপস্থিত হয়।
২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট মঙলদৈৰ জনাৰামচৌকাৰ মুকুল হাজৰিকা নামৰ ৰিক্সাচালক জন সময়ৰ মেৰপেচত বাংলাদেশ পাইছিল।
বাংলাদেশত অবৈধ প্ৰৱেশৰ বাবে জেলতে কটাব লগা হৈছিল। কিন্তু, অভিভাৱকৰ অভাৱত জেলৰ ম্যাদ উকলাৰ পাছতো বাংলাদেশৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাছিল ৩ সন্তানৰ পিতৃ মুকুলক।
কিন্তু,নৱ নিযুক্ত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ পৰা বিষয়টো অৱগত হোৱাৰ পাছতে গৃহবিভাগৰে যোগাযোগ কৰে আৰু প্ৰায় ১ মাহ কাল বিষয়টো আলোচনাৰ অন্তত ১১ ছেপ্তেম্বৰত দৰং আৰক্ষীৰ উপ পৰিদৰ্শক ডান্টেজিৎ দেউৰীক মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকাৰ লগত প্ৰেৰণ কৰে আৰু আজি 5 -15 বজাত মুকুলৰ জন্মভূমি মঙ্গলদৈ সদৰ থানাত উপস্থিত হয় ।
ইতিমধ্যে মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ তত্বাৱধানত সদৰ থানাত ৰখা হৈছে।
পৰৱৰ্তী সময়ত হাজৰিকাৰ স্বাস্থ্য পৰীক্ষা আৰু শ্ব গৃহ লৈ যোৱাৰ ব্যৱস্থা কৰিব।