Local, Vocal, Global

১২ জনলৈ বৃদ্ধি হৈছে নিমাতীঘাটৰ নাও দুৰ্ঘটনাত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা

বৰ্তমান সময়ত ১২ জনলৈ বৃদ্ধি হৈছে নিমাতীঘাটৰ নাও দুৰ্ঘটনাত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা । সোমবাৰে বিয়লি ‘মা-কমলা’ নামৰ দুৰ্ঘটনাত বুৰ যোৱা ফেৰী খনৰ গৰাকী পানীৰাম কলিতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

দেওবাৰে ‘মা-কমলা’ ফেৰীখনৰ তিনিজন কৰ্মচাৰীৰ লগতে পানীৰাম কলিতাৰ পুত্ৰ গৌতম কলিতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । প্তা কৰা ব্যক্তি কেইজন ক্ৰমে ইঞ্জিন ড্ৰাইভাৰ বদন দত্ত, কালেক্টৰ বিপুল বৰা আৰু গুৰিয়াল প্ৰশান্ত পামেগাম । আটক কৰা ৪ গৰাকী ব্যক্তিক আদালতে আৰক্ষীৰ জিম্মা লৈ প্ৰেৰণ কৰে ।

আনহাতে, ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ গৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীসকলক ৬ দিনৰ বাবে আদালতে আৰক্ষীৰ জিম্মাত দিয়ে ।

নিমাতীঘাটৰ দুৰ্ঘটনাত চৰম গাফিলতি কৰা ব্যক্তি সকলক শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল বিভাগীয় মন্ত্ৰী গৰাকীয়ে । উক্ত বিভাগটোত একপ্ৰকাৰে জড়িত থকা বিষয়াসকল তদন্তৰ আওটালৈ আহিব নে নাই বৰ্তমান সময়ত জনসাধাৰণৰ বাবে এইটো হৈছে এট ডাঙৰ প্ৰশ্ন ?