Local, Vocal, Global

কংগ্ৰেছৰ সকলো পদ এৰিলে মঙলদৈৰ বিধায়ক বসন্ত দাসে

নিউজ ডেস্ক: প্ৰাক্তন মন্ত্ৰী তথা মঙলদৈৰ বিধায়ক বসন্ত দাসে কংগ্ৰেছৰ সকলো পদ ত্যাগ কৰাৰ ঘোষণা কৰিছে৷ আজি এটা ফেচবুক পোষ্ট যোগে কংগ্ৰেছৰ সকলো পদত্যাগ কৰাৰ ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি কয়৷ বসন্ত দাসে আজি পুৱা ফেচবুক পোষ্ট যোগে কয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী সন্মানীয় মল্লিকাৰ্জুন খাৰ্গেৰ সমৰ্থনত ছিকিমৰ পিআৰঅ’ পদৰ পৰা পদত্যাগ কৰিছো। লগতে দলৰ নেতৃত্বক এজন যোগ্য ব্যক্তিক সেই পদত ৰাখিবলৈ অনুৰোধ জনালো। ৰাজস্থানত অনুষ্ঠিত চিন্তন সভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই লোৱা ‘এক ব্যক্তি এক পদ’ৰ সিদ্ধান্ত অনুসৰি এপিচিচিৰ সমন্বয়ক পদৰ লগতে অল ইণ্ডিয়া কিষাণ কংগ্ৰেছৰ পদো এৰাৰ ঘোষণা কৰে দাসে৷
ইয়াৰ পূৰ্বে অসম কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনে আৰু সাংসদ আব্দুল খালেকে পদত্যাগ কৰিছে৷ অখিল ভাৰতীয় কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ চলাব এইসকল পদত্যাগী নেতাই৷