Local, Vocal, Global

Manash Borah  quits Congress : এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই

নিউজ ডেস্ক,৩০মাৰ্চ : আগত লোকসভা নিৰ্বাচনৰ । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এজন এজনকৈ কংগ্ৰেছ নেতা বিজেপি লৈ ঢাল খাইছে । প্ৰায় ভালেসংখ্যক নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি অইন দললৈ ঢাপলি মেলিছে।কংগ্ৰেছৰ নীতি-আদৰ্শই যেন আমুৱাইছে একাংশ নেতা-কৰ্মীক।

এনে সময়তে এইবাৰ কংগ্রেছ ত্যাগ কৰিলে মানস বৰাই । শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই কংগ্রেছ ত্যাগ কৰে(Manash Borah  quits Congress)।

জানিব পৰা মতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰাৰ পুত্ৰ মানস বৰাই কংগ্রেছৰ প্রাথমিক সদস্য পদো ত্যাগ কৰিছে। তেওঁৰ এই সিদ্ধান্ত সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে(APCC General Secretary Manash Borah quits Congress party)।

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰা মানস বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত মানস বৰাৰ শেহতীয়া স্থিতি শীঘ্ৰেই জানিব পৰা যাব।

লগতে পঢ়ক : AAP leaders go door-to-door to invite people to March 31 ‘mega’ rally : ৩১ মাৰ্চত দিল্লীত আম আদমি পাৰ্টীৰ বৃহৎ ৰেলী