Local, Vocal, Global

ব’হাগ বিহুৰ পূৰ্বে হঠাৎ জাৰি ১৪৪ ধাৰা ! ৬০ দিনলৈ বাহাল থাকিব ১৪৪ ধাৰা

নিউজ ডেস্ক, ৮ এপ্ৰিল :ব’হাগ বিহুৰ পূৰ্বে হঠাৎ শিৱসাগৰ জিলাত কিয় জাৰি কৰিলে ১৪৪ ধাৰা ? শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিতোপন নেওগে সমগ্ৰ শিৱসাগৰ জিলাত নিষেধাজ্ঞা জাৰি কৰিছে আইনৰ ১৪৪ ধাৰা । এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচ জন বা তাতোধিক লোকৰ সমাবেশ, সভা সমিতি পতা, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা, কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত যি কোনো ধৰণৰ বৰঙণি সংগ্ৰহ বা প্ৰদান কৰা নিষিদ্ধ কৰিছে ।

উল্লেখ্য যে, জিলাখনত অসামাজিক লোক তথা উগ্ৰপন্থীৰ আইন বিৰুদ্ধ কাৰ্যকলাপ, গুলীচালনা, হত্যা, অপহৰণ বা ধনলুটৰ আশংকা কৰি দুচকীয়া যানত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰিছে । অৱশ্যে ৬০ বছৰ উৰ্দ্ধৰ লোক, ১২ বছৰ ৱয়সৰ তলৰ ল’ৰা-ছোৱালী, মহিলা, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোকক এই নিষেধজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে ।

ব’হাগ বিহুৰ পূৰ্বে হঠাৎ জাৰি ১৪৪ ধাৰা ! ৬০ দিনলৈ বাহাল থাকিব ১৪৪ ধাৰা

আনহাতে, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ ৫০ মাইক্ৰন ঘনত্বৰ কম প্লাষ্টিকৰ বেগ, যি কোনো ধৰণৰ ধপাত বা ধপাত জাতীয় সামগ্ৰী যেনে গুটখা, শিখৰ আদি বেচা-কিনা সমগ্ৰ শিৱসাগৰ জিলাত নিষিদ্ধ কৰিছে । জিলাখনৰ সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসমাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন প্ৰৱৰ্ত্তন কৰি সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ যিকোনো ব্যক্তি বা গোট আৰু গাড়ী-মটৰৰ চলাচল নিষিদ্ধ কৰা হৈছে ।

ইয়াৰোপৰি লালীগুড়ৰ পৰা থলুৱা মদ প্ৰস্তুতকৰণেৰে জনস্বাস্থ্য হানি হোৱাৰ আশংকা কৰি সমগ্ৰ জিলাখনত লালীগুৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে । অৱশ্যে পশু খাদ্য হিচাবে ব্যৱহাৰৰ বাবে জিলা দণ্ডাধীশ/অতিৰিক্ত জিলা দণ্ডাধীশ বা পশু পালন বিভাগৰ অনুমতি সাপেক্ষে লালীগুৰ বেচা-কিনা কৰিব পাৰিব ।

এই নিষেধাজ্ঞা সমূহ তৎকালীনভাৱে বলৱৎ হৈছে আৰু পৰৱৰ্ত্তী ৬০ দিনলৈ বা পুণৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব । এই আদেশ সমূহ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলি এই নিৰ্দেশ সমূহত উল্লেখ কৰিছে ।