Local, Vocal, Global

Man Elephant Conflict : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

নগাঁও, ৭জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ জুৰীয়াত হাতী মানুহৰ সংঘাত। জুৰীয়াৰ পাৰ্শ্বৱৰ্তী মুছলেম চৰত বন্যহস্তীৰ আতংক ।বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী ( Man Elephant confli in juria)। বৃহস্পতি নিশা মুছলেম চাপৰিত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা লাডেন নামেৰে বনৰীয়া হাতীটোৱে ভাঙি লণ্ড ভণ্ড কৰে বাসগৃহ ।

উল্লেখ্য যে,বন্যহস্তীৰ আক্ৰমণ চলাই চাৰিজনকৈ লোকক । তাৰে দুজন লোক থিতাতে নিহত হয়। আৰু আন দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনক নগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

জানিব পৰা মতে, নিহত দুজন ক্ৰমে মাতৃ-পুত্ৰ খাদিজা বেগম আৰু জমিৰ আহমেদ।আনহাতে আহত দুগৰাকী ক্ৰমে আম্বিয়া খাতুন জুৱেল আহমেদ।

প্ৰাপ্ত তথ্য অনুসৰি বনৰীয়া হাতীটোক বন বিভাগে এতিয়াও অভয়াৰণ্যলৈ খেদি পঠিয়াব‌ পৰা নাই।সমগ্ৰ এলেকাত লাডেনৰ ভয়ত ৰাইজ শংকিত হৈ পৰিছে ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে ? কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।

লগতে পঢ়ক : Maxico bus accident : ভয়ংকৰ পথ দুৰ্ঘটনা ,নিহত ২৯ জন