Local, Vocal, Global

Modi surname case : মোডী উপাধি বিতৰ্কত গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়দান

নেশ্যনেল ডেস্ক, ৭জুলাই : অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ । মোডী উপাধি বিতৰ্কত নাম সাঙোৰ খোৱা কংগ্ৰেছে নেতা ৰাহুল গান্ধীৰ দুটা বছৰৰ ঠিকনা আজি নিৰ্ণয় কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে(Modi surname case) । ‘মোডী উপাধি’ সংক্ৰান্তীয় মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদনক খাৰিজ কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে । চূড়ান্ত শুনানিৰ প্ৰায় দুইমাহৰ পিছত আজি এই ৰায়দান গুজৰাট উচ্চ ন্যায়ালয়ৰ । গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্চাকে কৰে এই ৰায়দান((Modi surname case) ।

উল্লেখ্য যে, মে’ মাহত ন্যায়াধীশকে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰিছিল । ইফালে, যোৱা ৪ জুলাইত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ‘মোডী উপাধি’ মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত পৰৱৰ্তী শুনানি ১৬ আগষ্টত হ’ব বুলি জানিবলৈ পৰা গৈছে(Modi surname case) । ৰাহুল গান্ধীয়ে ২৫ এপ্ৰিলত গুজৰাট উচ্চ ন্যায়ালয়ত গুজৰাটৰ চুৰাট সত্ৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাইছিল ।

যোৱা ২৩ মাৰ্চৰ দিনা চুৰাটৰ এখন মহানগৰ দণ্ডাধীশ আদালতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক পূৰ্ণেশ মোডীয়ে ২০১৯ চনত দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাৰ অধীনত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ বাবে শাস্তি প্ৰদান কৰিছিল ৷ এই ৰায়দানৰ পিছতে কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা গান্ধীক জনপ্ৰতিনিধিত্ব আইনৰ বিধান অনুসৰি সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয় । গান্ধীয়ে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে(Modi Surname Defamation Case) ।

উল্লেখ্যযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক সভাত নিজ বক্তব্যত ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি মোদী কিয় হয়’ বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দাখিল কৰিছিল এজাহাৰ।পূৰ্ণেশ মোদীৰ এই এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত এই গোচৰৰ ৰায়দান কৰি চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে।

লগতে পঢ়ক : Supreme Court Collegium new Justice appointment : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি অসম সন্তান উজ্জ্বল ভূঞাক