Local, Vocal, Global

Man Elephant Conflict : বন্যহস্তীৰ গচকত মৃত্যু শিশুৰ

নগাঁও,২৯অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ নগাঁৱৰত বনৰীয়া হাতীৰ তাণ্ডৱ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ কামপুৰ বনঞ্চালিক কাৰ্য্যালয়ৰ অন্তৰ্গত কচুৱাৰ লংজাপ পদুমণিকে ধৰি বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাত চলি থকা সময়তে আজি পুৱাই বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী শিশুৰৰ মৃত্যু হয়(Man Elephant Conflict)।

মৃত শিশুটি কচুৱাৰ লংজাপ পদুমণিৰ আজিজুল হক ।

জানিব পৰা মতে, পুৱাই শিশুটি পথাৰলৈ যোৱাৰ সময়তে হাতীৰ গচকত মৃত্যু হয়।শিশুটিৰ মৃত্যুৰ পিছতে অঞ্চল জুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

বৰ্তমান ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হোৱা বুলি জনা গৈছে।

লগতে পঢ়ক :Burmese supari seized : মেৰাপানীত জব্দ ১৭ বস্তা চুপাৰী ভৰ্তি ট্ৰাক