Burmese supari seized : মেৰাপানীত জব্দ ১৭ বস্তা চুপাৰী ভৰ্তি ট্ৰাক

নিউজ ডেস্ক,২৯আগষ্ট : ৰাজ্যত অবৈধ সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীৰ চকুক ধুলি দি নিতৌ ৰাজ্যৰ সৰবৰাহ হৈ আছে অবৈধ সামগ্ৰী । আৰক্ষীয়ে যিমানে সষ্টম হৈছে সিমানে অপৰাধীয়ে আৰক্ষীৰ চকুত ধূলি দি ন ন কৌশলৰে সৰবৰাবহ কৰি আছে সামগ্ৰী(Burmese supari seized) ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মেৰাপানীত চলি আছে অবৈধ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়।সোমবাৰে মেৰাপানীত জব্দ ১৭ বস্তা চুপাৰিসহ এখন ট্ৰাক ।
জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি মেৰাপানী আৰক্ষীয়ে তৰানি অঞ্চলত অভিযান চলাই।অভিযান চুপাৰিসহ ট্ৰাক জব্দ কৰে।অৱশ্যে আৰক্ষীয়ে চুপাৰিখিনি চুৰি কাৰ্যৰ সৈতে জড়িত কোনো এজনকে আটক কৰিবলৈ সক্ষম নহয়। আৰক্ষী অহাৰ উমান পাই এন্ধাৰৰ সুযোগ লপৈ পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু পৰিচালক।
আৰক্ষীয়ে সূত্ৰে জানিব পৰা অনুসৰি এই চুপাৰিখিনি নাগালেণ্ডৰ পৰা যোৰহাটৰ দিশে অবৈধভাৱে কঢ়িয়াই অনা হৈছিল। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 01 MC 7096।
সম্প্ৰতী মেৰাপানী আৰক্ষীয়ে চুপাৰি সৰবৰাহত জড়িত মূল অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
লগতে পঢ়ক :Drugs peddler arrested along with drugs: কাছাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী