Wild elephant menace in Majuli : সত্ৰপীঠ মাজুলীত বন্যহস্তীৰ তাণ্ডৱ

নিউজ ডেস্ক,২৯অক্টোবৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ সত্ৰপীঠ মাজুলীত বন্যহস্তীৰ তাণ্ডৱ৷মাজুলীৰ দক্ষিণপাট, আফলামুখ অঞ্চলত বিগত কেইবাদিনো ধৰি বনৰীয়া হাতীৰ জাকে সৃষ্টি কৰি আহিছে আতংকৰ(Wild elephant menace in Majuli)।
সোমবাৰে নিশা বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ বৃহৎ জাকে খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰে । অফলামুখ দক্ষিণপাট গাঁৱৰ মাজৰ গেৰ ধৰা ধাননি পথাৰত বিচৰণ কৰি হাতীৰ জাকটোৱে ধাননি পথাৰ নষ্ট কৰে । বন বিভাগৰ লোকে গুলি ফুটাই হাতী খেদা চেষ্টা অব্যাহত ৰাখিছে ।
এনে আতংকময় পৰিৱেশৰ মাজতেই নিশা পথত আশ্ৰয় ল’লে গাঁওবাসীয়ে । বৃদ্ধাৰ পৰা কণমানিলৈ দেখা গৈছে গাঁৱৰ পথৰ মাজত আশ্ৰয় লোৱা । জুই ধৰি টিং বজাই হাতী খেদাৰ চেষ্টা গাঁওবাসীৰ । হাতীৰ আতংকত উজাগৰী নিশা পৰা কৰিছে গাঁওবাসীয়ে । হাতীৰ জাকটোত বহু কেইটা পোৱালি হাতীও আছে । স্থানীয় ৰাইজে সোনকালে বন বিভাগক হাতীৰ জাকটো সেই অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ দাবী জনাইছে।
লগতে পঢ়ক :Man Elephant Conflict : বন্যহস্তীৰ গচকত মৃত্যু শিশুৰ