Local, Vocal, Global

Man Allegedly Attempts to Kill Wife in Gelakey : ঘৰুৱা কন্দলৰ বাবে স্বামীৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ

গেলেকী,১৮ এপ্ৰিল : নৃশংস ! বৰ্বৰ, এজন মানুহে কেনেকৈ নৃশংসতাৰ চৰম সীমালৈকে যাব পাৰে, সেয়া সকলোৰে বাবে কল্পনাৰো অতীত । কিমান নিষ্ঠুৰ হ’লে এজন মানুহে নিজৰ আপোনজনকো হত্যা কৰিব পাৰে !

শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে বহুকেইটা হত্যাকাণ্ডৰ ঘটনা । হত্যাকাণ্ডৰ এনেবোৰ ঘটনাই ৰাজ্যবাসীক শিহৰিত কৰি ৰখাৰ সময়তে নগাঁৱৰ ধিঙত ঘটিল আন এক নৃশংস হত্যাকাণ্ড । গাৰ নোম শিয়ৰি যোৱা এই হত্যাকাণ্ডই জোকাৰি গৈছে মধ্য অসমৰ লগতে সমগ্ৰ ৰাজ্য(Man Allegedly Attempts to Kill Wife in Gelakey) ।

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক।

পুনৰ গাৰ্হস্থ্য হিংসাৰ ভয়ংকৰ ৰূপ! এইবাৰ গেলেকীত স্বামীৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ ।স্বামীৰ চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গল পপী মৰাণ নামৰ এগৰাকী মহিলাৰ।

সোমবাৰে সন্ধিয়াৰভাগত গেলেকীৰ সেউজচাপৰিত সংঘটিত হয় এই ঘটনা। গেলেকীৰ সেউজচাপৰি হেম মৰাণ নামৰ লোকজনে ঘৰুৱা কন্দলৰ পৰিণতিতেই নিজ পত্নী পপী মৰাণক চোকা অস্ত্ৰৰে আঘাত কৰে বুলি জানিব পৰা গৈছে। স্বামীৰ প্ৰহাৰত আহত পপী মৰাণক প্ৰথমাৱস্থাত গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে মহিলাগৰাকীক। পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে পপী মৰাণে(Man Allegedly Attempts to Kill Wife in Gelakey)।

উক্ত ঘটনাৰ পাছতে গেলেকী আৰক্ষীয়ে অভিযুক্ত স্বামী হেম মৰাণক গ্ৰেপ্তাৰ কৰি হত্যাকাণ্ড সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক :First phase of Lok Sabha elections to begin tomorrow : কাইলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ;দুই সহস্ৰাধিক প’লিং এজেণ্ট-প্ৰিজাইডিং বিষয়াৰে উদুলি মুদুলি শিৱসাগৰ