Local, Vocal, Global

Horrific incident in East Garo Hills district of Meghalaya : মেঘালয়ত গোৱালপাৰাৰ ৩ যুৱকৰ নৃশংস হত্যাক লৈ অব্যাহত চাঞ্চল্য

নিউজ ডেস্ক,১৮ এপ্ৰিল : মেঘালয়ৰ ওৱাগাছিত সংঘটিত নৃশংস হত্যাকাণ্ডক লৈ অব্যাহত ব্যাপক চাঞ্চল্য। গোৱালপাৰাৰ ৩ যুৱকক মেঘালয়ত বাহনৰ ভিতৰতে জীৱন্তে জ্বলাই হত্যা কৰা ঘটনাই খলকনি তুলিছে সৰ্বসাধাৰণৰ মাজত।

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকা সময়তে গোৱালপাৰাৰ সীমান্তৱৰ্তী চুবুৰীয়া ৰাজ্য মেঘালয়ত চাৰিচকীয়া বাহনৰ ভিতৰতে জীৱন্তে জ্বলাই ৩ যুৱকক হত্যা কৰিছিল দুৰ্বৃত্তই।বুধবাৰে মেঘাল‌য়ৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাছিত জুইত বিধ্বস্ত বাহনসহ জ্বলি ছাই হোৱা তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।নিহত যুৱক তিনিজনৰ নাম জমিৰ উদ্দিন,নুৰ মহম্মদ আৰু জাহিদুল ইছলাম। ইয়াৰে জমিৰ আৰু নুৰ মহম্মদৰ ঘৰ গোৱালপাৰাৰ দলগোমাত আৰু জাহিদুলৰ ঘৰ কৃষ্ণাইৰ খৰিধৰাত বুলি জানিব পৰা গৈছে(Horrific incident in East Garo Hills district of Meghalaya) ।

নিহতৰ পৰিয়ালৰ মতে যোৱা সোমবাৰে নিশাৰ ভাগত দলগোমাৰ জমিৰ উদ্দিনে নিজৰ AS01-EY-5247 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনেৰে ভাৰা মাৰিবলৈ চালক নুৰ মহম্মদৰ সৈতে মেঘালয়ৰ ছালাং অভিমুখে গৈছিল। মাজে-সময়ে এনেদৰে তেওঁলোকে মেঘালয়ত ভাৰালৈ গৈ থাকে বুলি পৰিয়ালৰ লোকে জনায়।মঙলবাৰে পুৱা প্ৰায় ৬-৩০ বজাত জমিৰ উদ্দিনে ঘৰত ফোন কৰি পৰিয়ালৰ সৈতে কথা পাতি তেওঁলোক মেঘালয়ৰ ওৱাগাছিত থকা বুলি কৈছিল।ইয়াৰ পিছতে তেওঁলোকৰ ফোন বন্ধ হৈ পৰে।পৰিয়ালৰ লোকে পাছত বিভিন্ন স্থানত খা-খবৰ লয় যদিও কোনো খবৰ পোৱা নাছিল(Criminal Rivalry Suspected in Deaths of Assam Youths)।

মঙলবাৰে নিশা মেঘালয়ৰ ওৱাগাছিৰ বনাঞ্চলত জুইত ভস্মীভূত বাহনসহ ভিতৰত জ্বলি ছাইত পৰিণত হোৱা তিনিটা মৃতদেহ উদ্ধাৰ হয়।পৰিয়ালৰ লোকে পাছত মৃতদেহ তিনিটা গোৱালপাৰা জিলাৰ জমিৰ উদ্দিন,নুৰ মহম্মদ আৰু জাহিদূল ইছলামৰ বুলি চিনাক্ত কৰে।

কি কাৰণত এনেদৰে যুৱক তিনিজনক অমানবীয়ভাৱে বাহনসহ জীৱন্তে জ্বলাই হত্যা কৰা হ’ল, সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে নিহত জাহিদুলৰ বিৰুদ্ধে থানাত কেবাটাও গোচৰ থকা বুলি এক বিশেষ সূত্ৰই সদৰি কৰিছে।এই ভয়ংকৰ ঘটনাৰ পাছতে স্থানীয় বিধায়ক এ কে ৰছিদ আলমে নিহতৰ ঘৰত উপস্থিত হৈ পৰিয়ালক ন্যায় প্ৰদানৰ আশ্বাস দিয়ে।ইপিনে আমছুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আনিমূল হক চৌধুৰীয়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি হত্যাকাৰীক ২৪ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ দাবী জনাইছে।অন্যথা সংগঠনটোৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও সকিয়াই দিছে।

লগতে পঢ়ক : Man Allegedly Attempts to Kill Wife in Gelakey : ঘৰুৱা কন্দলৰ বাবে স্বামীৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ