Local, Vocal, Global

First phase of Lok Sabha elections to begin tomorrow : কাইলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ;দুই সহস্ৰাধিক প’লিং এজেণ্ট-প্ৰিজাইডিং বিষয়াৰে উদুলি মুদুলি শিৱসাগৰ

শিৱসাগৰ, ১৮ এপ্ৰিল : কাইলৈ অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ। ৰাজ্যৰ ৫ টাকৈ লোকসভা সমষ্টিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে প্ৰশাসন। শিৱসাগৰতো নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ দেখা গৈছে জিলা প্ৰশাসনৰ তৎপৰতা(First phase of Lok Sabha elections to begin tomorrow)।

শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত শিৱসাগৰ আৰু ডিমৌ এই দুই বিধানসভা সমষ্টিত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সাজু জিলা আৰু আৰক্ষী প্ৰশাসন৷ শিৱসাগৰ সমষ্টিৰ ২৬৯ টা ভোটকেন্দ্ৰ আৰু ডিমৌ সমষ্টিৰ ২১২ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হব ভোটগ্ৰহণ। মুঠ ৪৮১ টা ভোটকেন্দ্ৰত নিৰ্বাচনী কাম সম্পন্ন কৰিবৰ বাবে নিয়োগ কৰা হৈছে ২০০০ ৰো অধিক বিষয়া-কৰ্মচাৰী ৷

পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হৈছে ৪০০ ৰো অধিক বাহন ৷ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে মোতেয়েন কৰা হৈছে চি আৰ পি এফ, আই টি বি পিৰ ৮ টা প্লাটন, অসম আৰক্ষীৰ প্ৰথম আৰক্ষী বেটেলিয়ন, পঁচিশতম আৰক্ষী বেটেলিয়ন আৰু চতুৰ্থ আৰক্ষী বেটেলিয়নৰ লগতে শিৱসাগৰ আৰক্ষীৰ বিষয়া আৰু জোৱান ৷ শিৱসাগৰ জিলাত যাতে ১০০% ভোটদান নিশ্চিত হয় তাৰ বাবে আশা প্ৰকাশ কৰিছে জিলা আয়ুক্তই।

লগতে পঢ়ক : First phase of Lok Sabha elections to begin tomorrow : প্ৰথম পৰ্যায়ৰ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০,৪৮,১৯৭ জন