Terrible incident in Sivasagar: গুপ্তধনৰ সন্ধানত নৰবলিৰ অপচেষ্টা !

শিৱসাগৰ, ২৪ মে,: শিৱসাগৰ জিলাত ভয়ংকৰ ঘটনা (Terrible incident in Sivasagar)। জিলাখনৰ নাজিৰাৰ অন্তৰ্গত বিহুবৰত ২৭ বছৰীয়া এগৰাকী যুৱতীক নৰবলিৰ চেষ্টা চলোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে । গুপ্তধনৰ সন্ধানত যুৱতীগৰাকীক নৰবলিৰ অপচেষ্টা চলোৱাৰ অভিযোগ তুলিছে স্বয়ং ভুক্তভোগী যুৱতীগৰাকীয়ে । যুৱতীগৰাকীয়ে দিয়া অভিযোগ অনুসৰি, মোচোৱা মুণ্ডা নামৰ লোক এজনে এই ভয়ংকৰ ঘটনাটোৰ পৰিকল্পনা কৰিছিল (Attempting to sacrifice a girl in search of hidden treasure) ।
লগতে যুৱতীগৰাকীয়ে উল্লেখ কৰিলে, তেওৰ মাতৃক ২ লাখ টকা দি ইয়াৰ বিনিময়ত যুৱতীগৰাকীক লৈ গৈ বলি দিব । যুৱতীগৰাকীৰ মতে, কামলৈ যোৱাৰ পথতে তেওক বলপূৰ্বক ধৰি নিয়াৰো চেষ্টা চলাইছিল অভিযুক্ত মোচোৱা মুণ্ডাই ।
ইয়াৰ পিছতে ভুক্তভোগী যুৱতীগৰাকী কাষ চাপে আৰক্ষীৰ । যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা উল্লেখ কৰি আৰক্ষীক অভিযোগ দিয়াৰ পিছতে পোহৰলৈ আহিছে ঘটনাটো । এই অভিযোগ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে মোচোৱা মুণ্ডা । ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
গুপ্তধনৰ সন্ধানত নৰবলিৰ অপচেষ্টাৰ এই ভয়ংকৰ খবৰটো বিয়পি পৰাৰ পিছতে নাজিৰাৰ লগতে জিলাখনতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । অৱশ্যে অভিযুক্ত মোচোৱা মুণ্ডাক আটক কৰাৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য় ।
লগতে পঢ়ক: Faizan body dug out from cemetery : কবৰ খান্দি উলিয়ালে ফাইজানৰ মৃতদেহ