Local, Vocal, Global

National Brothers Day 2023: ভাতৃ ঈশ্বৰৰ উপহাৰ, যি আমাক সদায় মৰমৰ এনাজৰীৰে বান্ধি ৰাখে

নেশ্যনেল ডেস্ক, ২৪ মে‘: আজি ২৪ মে’, বিশ্ব ভাতৃত্ব দিৱস (National Brothers Day) । ভাই-ভনী থকাটো এক আশীৰ্বাদ(Having brothers and sisters is blessing)। আমাৰ জীৱনত প্ৰতিটো মুহূৰ্তৰ অংশীদাৰ আৰু একমাত্ৰ সাহস হৈছে ভাতৃ, যিয়ে আমাক সহজতে বুজিব পাৰে। বিভিন্ন বাধা বিঘিনি আৰু নিসংগতাৰ সময়ত ডাঙৰ বা সৰু ভাতৃৰ উপস্থিতিয়েই আমাক সান্ত্বনা দিয়ে । ভাতৃত্বৰ এনাজৰীয়ে সদায়েই আমাক মজবুত কৰি ৰাখে । ভাতৃত্ব এনে এক শক্তিশালী সম্বন্ধ যি বিপদৰ সময়ত সদায় ইজনে সিজনৰ সৈতে হাতত হাত ধৰি থিয় দিয়ে ।

আপুনি যেতিয়াই আপোনাৰ ভাতৃৰ কাষত থাকিব, তেতিয়াই আপোনাৰ সকলো চিন্তা, সমস্যা আঁতৰি থাকিব, আপুনি ৮ বছৰৰ হওক অথবা ৮০ বছৰৰেই হওক। আপোনাৰ আৰু আপোনাৰ ভাতৃৰ লগত আজীৱন স্মৃতি থাকিব, এনে স্মৃতিসমূহক তুচ্ছজ্ঞান কৰাটো আপোনাৰ বাবে সঁচাকৈয়ে অকল্পনীয় ।

২০০৫ চনৰ পৰা ২৪ মে’ৰ এই বিশেষ দিনটোত ৰাষ্ট্ৰীয় ভাতৃ দিৱস হিচাপে পালন কৰি অহা হৈছে (Since 2005, May 24 is celebrated as National Brothers Day)। যদিও ইয়াৰ ইতিহাসৰ বিষয়ে জনা নাযায়, তথাপিও পৰিয়াল আৰু ভাই-ভনীক সন্মান জনোৱাৰ দিন হিচাপে ইয়াক সৃষ্টি কৰাৰ কৃতিত্ব আলাবামাৰ চি ডেনিয়েল ৰোডছক দিয়া হয়।
ভাতৃত্ব দিৱসৰ কেইটামান শুভেচ্ছা :

ভাই-ভনীৰ দৰে ‘নো বাডী’ৰ অস্তিত্ব আছে (no buddy exists)। সকলোকে ভাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ(Happy Brothers Day) ৷

আপুনি যেতিয়া আপোনাৰ ভাতৃৰ কাষত থাকে তেতিয়া আপুনি অনুভৱ কৰিব যে সকলো ঠিকেই আছে।

ভাতৃ ঈশ্বৰৰ উপহাৰৰ, ভাতৃয়ে আমাক সদায় মৰমৰ এনাজৰীৰে বান্ধি ৰাখে।

আপোনালোকৰ লগত এনে এক অমূল্য বন্ধুত্ব ভাগ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো, সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ ভাতৃসকললৈ ভাতৃত্ব দিৱসৰ শুভেচ্ছা থাকিল।

মোৰ মৰমৰ ভাতৃক, আপোনাক মোৰ সাহস আৰু আত্মবিশ্বাসৰ উৎস হিচাপে আন্তৰিকতাৰে শলাগ লৈছো।

মোৰ বহুত বন্ধু আছে, কিন্তু তুমিয়েই মোৰ একমাত্ৰ যাৰ লগত মই আটাইতকৈ বেছি সুৰক্ষিত অনুভৱ কৰো।

মৰমৰ ভাতৃ,তোমালৈ ভাতৃ দিৱসৰ শুভেচ্ছা থাকিল। আমাৰ বাবে সদায় থকাৰ বাবে কৃতজ্ঞতা।

সকলো কথাতে সদায় একমত নহ’লেও আমাৰ যোগাযোগ সদায় আন্তৰিক। ভাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ ভাতৃ।

সকলো দাদা-ভাইটি যেন কুশলে থাকে,তাকে কামনা কৰি…..শুভ ভাতৃ দিৱস